কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নভোচাৰীno.bho.sa.riCommon Noun
Crew member of a spacecraft who will be going to space or has already been to space
- নভোবীক্ষণno.bho`.bi.khyonMaterial Noun
মহাকাশৰ জোতিষ্ক চাবলৈ ব্যৱহাৰ হয়৷প্ৰতিবিম্ব ওলোটা দেখি৷
The astronomical telescope makes use of two positive lenses: the objective, which forms the image of a distant object at its focal length, and the eyepiece, which acts as a simple magnifier with which to view the image formed by the objective. Its length is equal to the sum of the focal lengths of the objective and eyepiece, and its angular magnification is -fo/fe, giving an inverted image.
- নভোমণ্ডলnabhomaṇḍala
আকাশ; গগন
the sky
- নভোৰজno.bho`.rojMaterial Noun
পৃথিৱী পৃষ্ঠৰ ওচৰত জমা হোৱা ডাৱৰৰ দৰে পানীৰ টোপাল বা বৰফৰ স্ফটিকৰ এক স্তৰ, যি ধোঁৱাময় পৰিৱেশৰ সৃষ্টি কৰে।
a cloudlike mass or layer of minute water droplets or ice crystals near the surface of the earth, appreciably reducing visibility.
- নভৌকাno.bhou.kaCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- নমঃnamaḥNoun
প্ৰণাম।
- নমঃশূদ্ৰnamaḥśūdraNoun
দক্ষিণ অসমৰ জাতি-বিশেষ।
- নমগাno.mo.gaVerbal Adj.
যিটো খোজা বা বিছৰা হোৱা নাই
which is not being sought
- নমগাকৈno.mo.ga.koiAdverb
দিয়াৰ বাবে কাৰোবাক অনুৰোধ নকৰাকৈ।
without being solicited or asked for.
- নমনিয়াnamaniẏāAdjective
চকুৰে মনিব নোবৰা; যেনে-"নমনিয়া কুল যমুনা বিপুল" (গুণমালা)
not or hardly perceptible to the eye
- নমনীয়namanīẏaAdjective
ইচ্ছামতে গঢ় দিব পৰা
pliable
- নমনীয়তাno.mo.ni.yo.taAbstract Noun
কোনো এটা বস্তুক কিমান ভাঁজ দিব পাৰি বা বেঁকা কৰিব পাৰি তাক বুজোৱা গুণ
the quality that defines to what extent a material can be bent
- নমস্কাৰnamaskāraNoun
মূৰ দোঁবাই কৰা প্ৰণাম; সেবা
a bow
- নমস্কাৰ কৰ্no.mos.kar korVerb-Trans.
ভক্তি দেখুৱাবলৈ মূৰ তল কৰি হাত-যোৰ কৰ্
to show respect with bowing head and folded hands
- নমস্তেnamasteIndeclinable
তোমাক নমস্কাৰ।
- নমস্যnamasyaAdjective
ভক্তি বা নমস্কাৰৰ যোগ্য; পূজ্য
venerable; worthy of being saluted or respected
- নমাnamāTransitive verb
তললৈ আন্; চাপৰ কৰ্; দোঁবা; . কৱদ
to bring down; to lower
- নমাজnamājaNoun
নামাজ।
- নমিতnamitaAdjective
দোঁওবা; যাক দোঁওবা হৈছে।
- নমিতা ভট্টাচাৰ্যno.mi.ta bhot.ta.sar.jyoProper Noun
অসমৰ এগৰাকী বিখ্যাত, জনপ্ৰিয় আৰু সুৱদী কণ্ঠৰ গায়িকা৷ ’আলি ঢাকি পৰ শালিকী’, ’পীৰিতি নামৰে তিনিটি আখৰ ঐ’ আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷
a very famous and popular female voice in Assamese music.