কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডুমুনী-ফেঁটীḍumunī-phem̐ṭīNoun
এজাতি মুগা-বৰণীয়া ফঁটী সাপ
a variety of cobra
- ডুলিḍuliNoun
ধান আদি ৰখা ওখ-ডাঙৰ পাচি
a large basket for storing grain in
- ডুলি-পেটাAdjective
ডাঙৰ পেট-যুক্ত; বৰ-পেটা; পেটাল
big-bellied
- ডুলিয়াḍuliẏāTransitive verb
খোৰোচা লগা
to noose
- ডুলিয়াজানdu.li.ya.janProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷ তেল নগৰী বুলি জনা যায়৷
Important place oil town in Dibrugarh district
- ডুৰিḍuriNoun
কাপোৰৰ দাঁতিত বা নিয়মিত লগোবা কাপোৰ বা সূতাৰ জৰী
a slender cord used on the border or seam of a garment
- ডূবিdu.biAbstract Noun
নৈ বা বিলৰ দ ঠাই ।
The deepest part of a river or lake.
- ডেḍeNoun
আধা-পোৰা হ
to be scorched or half-burnt
- ডেং মেল্ḍem, mel
ডেও দি; যেনে-"ডেং মেলি পুনুঃ আসিয়া ভৈলন্তঃ হনুমন্ত মহাবলী" (শ্ৰীৰাম-কীৰ্ত্তন)।
- ডেংগিdeng.giCommon Noun
মহৰ দ্বাৰা বিয়পা ডেংগু ভআইৰাচৰ পৰা হোৱা ৰোগ।
an infectious tropical disease caused by the dengue virus. Symptoms include fever, headache, muscle and joint pains, and a characteristic skin rash that is similar to measles. In a small proportion of cases the disease develops into the life-threatening dengue hemorrhagic fever, resulting in bleeding, low levels of blood platelets and blood plasma leakage, or into dengue shock syndrome, where dangerously low blood pressure occurs. Dengue is transmitted by several species of mosquito within the genus Aedes, principally A. aegypti.
- ডেংগুdeng.guCommon Noun

- ডেউকাḍeukāNoun
চৰাইৰ বাবিচনীৰ হাড়ে সমন্বিতে পাখি; ডৌকা; চৰাইৰ বাহু
the wing of a bird
- ডেউৰীḍeurīNoun
দুবাৰ-মুখ
threshold
- ডেওḍeoNoun
জাঁপ; ওপৰলৈ ঊধাই এঠাইৰপৰা আন ঠাইলৈ কৰা গতি
a leap; a jump
- ডেও দি, ডেও মাৰ্
জঁপিয়া; জাঁপ মাৰ্; ; ডেও পাৰ্ আগ-পাছ নুগুণি কাম কৰ্; ওফন্দি ফুৰ্; উদ্ধত হ; উদ্ধতালি কৰ্; অস্হিৰ বা বিচেষ্টা হ
to leap ; to act rashly; to be restless
- ডেও দেdeu deVerb-Intran.
ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠ্
to force oneself off / across the ground or any base by a muscular effort of the legs and feet.
- ডেও পাৰ্de.o’ parVerb-Trans.
দুটা হাতেৰে কোনো ৰচি লৈ তাৰ ওপৰেৰে জপিয়াই থকা কাৰ্য্য৷
to jump lightly over a rope that is held in both your hands, or by two other people, and swung repeatedly under your legs and over your head as exercise or a game.
- ডেও-পৰাAdjective; Noun
ডেও-পৰা; ডেওপাৰণি। কৱদ.
- ডেওঁতা
ডেই বা চেৰাই যাওঁতা
one who steps over
- ডেওডেকীয়াḍeoḍekīẏāAdjective
পোনেই হোবা; একেবাৰে কেঁচা (ঘা বা আঘাত)
fresh (said of wound)