কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইব্ৰাহীমib.ra.himProper Noun
ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থে হজৰত ইব্ৰাহিম বা জনাব ইব্ৰাহিম৷ ইচলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী৷
known as Abraham in the Hebrew bible, is recognized in Islam as a prophet and apostle
- ইব’লাi.bo`.laProper Noun
ভাইৰাচৰ পৰা হোৱা এৱিধ মাৰাত্মক সোঁচৰা ৰোগ৷
Ebola virus disease (EVD; also Ebola hemorrhagic fever, or EHF), or simply Ebola, is a disease of humans and other primates caused by ebolaviruses. Signs and symptoms typically start between two days and three weeks after contracting the virus as a fever, sore throat, muscle pain and headaches.
- ইভibhaNoun
হাতী; যেনে-"ইভ-কুম্ভজ-মৌক্তিক-মাল্যবহং" (শঙ্কৰদেব, তোটয়)
an elephant
- ইভিতি-সিভিতিibhiti-sibhitiNoun
ইফাল-সিফাল
this side or that side
- ইমতimataAdverb
এনেকুবা
like this
- ইমনimanaNoun
এটা ৰাগিণী।
- ইমন ৰাগe.mon ragAbstract Noun
ভাৰতীয় সংগীতৰ ৰাগ বিশেষ৷
A well define `melody` of Indian music.
- ইমন-কল্যাণimana-kalyāṇaNoun
এটা ৰাগিণী (অসমৰ সঙ্গীতত এমত-কল্যাণ)।
- ইমানimānaPronoun; Adjective
এই পৰিমাণৰ
so much
- ইমান পৰi.man porAdverb
pertaining to a time period (of doing something) longer than the expected
- ইমান সময়i.man xo.moyAdverb
pertaining to a time period (of doing something) longer than the expected
- ইমানতেimānateAdverb
এই ঠাইতে
at this place
- ইমান্দাৰ
ধৰ্ম্ম-বিশ্বাসী; সাধু লোক
a believer; a pious man
- ইমামimāmaNoun
নেতা
a leader
- ইমামবাৰাimāmabārāNoun
যি ঘৰত মুছলমানৰ মহৰম উৎসব হয়
the building where the Muharrum festival is held
- ইমালছনi.mal.sonAbstract Noun
এটা তৰলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোলক আন এটা তৰলৰত বিস্তাৰিত কৰিলে যি কলয়ডীয় বিস্তাৰণ পোৱা যায় ৷
A colloidal system involving one liquid dispersed in another.
- ইমাৰতimārataNoun
অট্টালিকা।
- ইমুখ-সিমুখimukha-simukhaNoun
ইপোন-সিপোন কৰা কাৰ্য্য; ইফালৰপৰা সিফাললৈ মুখ ঘূৰোবা কাৰ্য্য
the act of turning the face from this side to that side
- ইম্ফলim.pholProper Noun
উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী চহৰ৷
Capital of Manipur in North-East India
- ইম’টিকনi.mo``.ti.konAbstract Noun
কোনো বিশেষ আৱেগক প্ৰকাশ কৰিবলৈ ই-মেইলত ব্যৱহাৰ কৰা কিছুমান প্ৰতীক বা কীবোৰ্ড চিহ্ন৷
a sideways image of a face formed by keyboard symbols, which is used in emails to express a particular emotion.