কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হস্তিনীhastinīNoun
ৰতি-শাস্ত্ৰমতে চাৰি জাতি তিৰোতাৰ ভিতৰত অতি কুলক্ষণী তিৰোতা; "শঙ্খিনী" চোবাঁ
the last and worst of the four classes into which women are divided in Vātsy āyana's Kāmasutra
- হস্তীhastīNoun
হাতী; গজ
an elephant
- হস্তীমূৰ্খNoun
গজমূৰ্খ; মহামূৰ্খ
a great fool
- হস্তীশালhos.ti.xalMaterial Noun
হাতী বন্ধা অথবা ৰখা ঠাই ।
A stable for housing elephants.
- হস্তৰেখাhos.to.re.khaMaterial Noun
ভাল-বেয়া কপালৰ ইঙ্গিত দিয়া হাতৰ তলুৱাৰ আঁক-বাঁকবোৰ
the lines on the palm of hands indicating good or bad fortune
- হস্তৰেখা বিচাৰAbstract Noun
হাতৰ ৰেখা চাই ভৱিষ্যবাণী কৰা বিদ্যা
Telling fortunes by lines on the palm of the hand
- হস্তৰেখা বিচাৰ্hos.to.re.kha bi.sar
হাতৰ ৰেখা চাই ভৱিষ্যবাণী কৰা বিদ্যা
Telling fortunes by lines on the palm of the hand
- হস্তৰেখা বিদ্যাhos.to.re.kha bi.dyaAbstract Noun
হাতৰ ৰেখা চাই ভৱিষ্যবাণী কৰা বিদ্যা
Telling fortunes by lines on the palm of the hand
- হস্তৰেখাবিদhostorekhabidCommon Noun
হাতৰ তলুৱাৰ ৰেখা চাই ভৱিষ্যবাণী কৰিব পৰা ব্যক্তি বা জ্যোতিষী।
Fortuneteller who predicts your future by the lines on your palms.
- হাhāIndeclinable
মনত দুখ বা অভাব বুজোবা মাত; যেনে-"হা প্ৰাণেশ্বৰ; হঁ। ভাত; হাঁ কাপোৰ"
an interjection expressing sorrow or want
- হা হাhā, hāIndeclinable
শোক দুখ বা বিস্ময়-প্ৰকাশক শব্দ; হায় হায়
an exclamation of surprise, pain or grief
- হা-হুমুনিয়াহhā-humuniẏāhaNoun
দুখ-বেজাৰ প্ৰকাশ কৰা মাত বা কথা
melancholy expressions; lamentation
- হাঁhām̐Indeclinable
মনত দুখ বা অভাব বুজোবা মাত; যেনে-"হা প্ৰাণেশ্বৰ; হঁ। ভাত; হাঁ কাপোৰ"
an interjection expressing sorrow or want
- হাঁ-কানি-নিকানিhām̐-kāni-nikāniNoun
ভাত-কাপোৰৰ অভাব; যেনে-তাৰ স দায় হাঁ-কানি-নিকানিয়েই নুগুচে"
want of food and raiment
- হাঁ-হা-কা-কাhām̐-hā-kā-kāNoun
কোনো অভাব বা বিপদত পৰি দুখ বেজাৰ প্ৰকাশ কৰা মাত
a cry of distress
- হাঁ-হাঁ কা-কাha~-ha~ ka-kaVerbal Noun
চিঞৰি দুখ প্ৰকাশ কৰা
a cry or exclamation of distress
- হাঁইফাঁইha~i.pha~iAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- হাঁওফাঁওhām̐ophām̐oNoun
জালৰ দৰে অতি মিহি মিহি বিন্ধাযুক্ত জন্ত্তৰ বুকুৰ ভিতৰত থকা দুচলা ৰঙচুবা মঙহ [তাত নিশ্বাস-প্ৰশ্বাসৰ বায়ু ওলাই-সোমাই তেজ পৰিষ্কাৰ কৰে।]
the lungs
- হাঁওৰণিhām̐oraṇiNoun
গোঁজৰণি; চিয়ঁৰ; ; অক. ধা. হাঁওৰিয়া, হাঁওৰি মাৰ্, হাঁওৰণি মাৰ্ গোঁজৰ্; চিয়ঁৰ্
howling; growling; roaring ; to howl; to growl; to roar
- হাঁওৰণি মাৰ্ha~.o`.ro.ni marVerb-Intran.
To make a very loud, deep sound (like the sound made by a lion or a tiger)usually as a sign of anger.