কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পছমীAdjective
পচমেৰে তৈয়াৰ কৰা।
- পছিমpachimaNoun
পূব দিশৰ বিপৰীত দিশ
the west
- পছিমীয়াAdjective
পছিম ফালৰ দেশত উৎপন্ন হোবা বা থকা; পছিম ফালৰপৰা অহা
belonging to the west; coming from the west
- পছোবাpachobāNoun
পছিমৰপৰা পূবলৈ মৰা প্ৰবল (বতাহ)
the westerly wind
- পছোৰীpachorīNoun
পছৰা চেলেং; যেনে-"তথি পৰকাশিত পীত পছোৰী" (ভটিমা)।
- পছোৱাpo.so’.waAbstract Noun
পশ্চিমৰ পৰা পূবলৈ বোৱা বতাহ
Wind that blows from west to east
- পছৰাpacharāNoun
এবিধ চেলেং কাপোৰ; যেনে-"গাবৰ পছৰাঃ পড়িল ৰথতঃ নেদন্ততাহাতে মতি" (প্ৰথম স্কন্ধ)
a kind of cloth thrown over the shoulders
- পজালিpajāliNoun
শুকাবৰ নিমিত্তে তলিতে তুলি থোবা মাহ, সৰিয়হ আদিৰ বেলেগ বেলেগ মুঠা বা সোপা
small heaps of mustard plants, etc., harvested and left on the field to dry
- পজালি-গেলা
ছেঁইত থাকোঁতেই গেলি নষ্ট হোবা।
- পজিট্ৰনpo.ji.tronMaterial Noun
ইলেক্ট্ৰ’নৰ বিপৰীত ধৰ্মী কণা, যাৰ বৈদ্যুতিক আধান +১ আৰু ভৰ ইলেক্ট্ৰ’নৰ সৈতে সমান
The positron or antielectron is the antiparticle or the antimatter counterpart of the electron. The positron has an electric charge of +1, a spin of 1/2, and the same mass as an electron.
- পঞ্চpañcaNoun
পাঁচোটা
five
- পঞ্চ-প্ৰয়াগpon.so-pro.yagProper Noun
উত্তৰাখণ্ডত থকা হিন্দুৰ ৫খন তীৰ্থ স্থান৷প্ৰতেকখনতে দুখন নদীৰ সংগম স্থল৷
An expression in Hindu religious ethos, specifically used to connote the five sacred river confluences in the Garhwal Himalayas in the state of Uttarakhand, India.
- পঞ্চ-মকাৰpañca-makāraNoun
বামাচাৰী শাক্ত বিলাকৰ উপাসনাৰ প্ৰধান পাঁচোটা বস্ত্ত, যেনে-মদ, মঙঙ, মাছ, মুদ্ৰা (ভজা চাউল, বুটমাহ, গোমধান আদি) আৰু মৈথুন (ৰতিক্ৰিয়া)
the five essentials required for certain mystical Tantra rites,-fish, flesh, field rice, wine and copulation
- পঞ্চ-মহাপাতকpañca-mahāpātakaNoun
পাঁচোটা মহাপাপ [ব্ৰহ্মবধ, মদ খোবা, চুৰ কৰা, গুৰু-ভাৰ্য্যা-গমন আৰু এইবিলাক পাপীৰ সংসৰ্গ]
the five great sins, viz.-murder of a Brahman, drinking of spirits, theft, adultery with one's preceptor'w wife and association with a man guilty of any of these offences
- পঞ্চকpañcakaNoun
আহোম ৰজাৰ দিনত প্ৰতি প্ৰজাৰপৰা লোবা বৰঙণি বা পঁচা
a poll tax
- পঞ্চকষায়pañcakaṣāẏaNoun
জানু, শিমলু, বগৰী, বকূল আৰু সোণবৰিয়াল এই পাঁচ বিধ গছৰ ছালৰ কঁহ
the juice of the bark of five specific trees required in Durgāpūjā
- পঞ্চকোণpañcakoṇaNoun
পাঁচ-চুকীয়া ক্ষেত্ৰ; পঞ্চভূত
a pentagon
- পঞ্চকোলpañcakolaNoun
পিপলী-মূল, চৈ আগিয়াচিতাৰ শিপা আৰু আদা মিহলাই কৰা এবিধ ঔষধৰ অনুপান।
- পঞ্চগব্যpañcagabyaNoun
গৰুৰ এবাঁ আৰু দৈ গাখীৰ, ঘিউ, গৰুৰ মূত, গোবৰ একেলগে এই পাঁচোটা বস্ত্ত
a collection of five articles derived from the cow, viz, milk, curd, ghee, cow-dung, and cow-urine, required by the Hindus in sraddha ceremony, etc.
- পঞ্চগুণpon.so.gunAbstract Noun
ৰূপ, ৰস, শব্দ, স্পৰ্শ আৰু গন্ধ এই পাঁচ প্ৰকাৰ গুণ৷
the five qualities namely- beauty, essence, sound, touch and smell.