কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডালি-খৰাহিḍāli-kharāhiNoun
খূৰা-লগোবা খৰাহি
a kind of open bamboo basket with a foot
- ডালিমḍālimaNoun
এবিধ বাৰীত হোবা ফল আৰু তাৰ গছ
the pomegranate tree and its fruit; Punica granatum
- ডালিমাḍālimāNoun
পকা ডালিমৰ গুটিৰ নিচিনা ৰঙা আৰু প্ৰায় ঘূৰণীয়া আকৱতিৰ এবিধ আকৰত পোবা বাখৰ
a kind of precious stone; a ruby
- ডালিয়াḍāliẏāNoun
বটাৰ ওপৰৰ বখলা
the upper part of the betel-but tray
- ডালে-মূলেḍāle-mūleAdverb
সমূলঞ্চে; সম্পূৰ্ণ-ৰূপে
wholly; entirely
- ডাহিনḍāhinaNoun
সোঁফালে; যেনে-"লক্ষ্মণ ডাহিন বাহু সীতা মোৰ ছায়া" (মা. ক., অযোধ্যাকাণ্ড)।
- ডাঢ়িḍāṛhiNoun
থুঁতৰি আৰু গালত গজা নোম
beard; whiskers
- ডায়েৰীAbstract Noun
দিনটোৰ ঘটনাৱলী সামৰি যুগুত কৰা ব্যক্তিগত লিখনিবিশেষ
a personal daily journal recording the events of the day
- ডায়োডda.yo`.dMaterial Noun
ৰেডিঅ` ভালভ্ৰ একেবাৰে আৰম্ভণিৰ ৰূপ৷
a two-terminal electronic component
- ডাৱৰda.worMaterial Noun
পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি
a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes
- ডাৱৰ-বিস্ফোৰণda.wor-bis.pho`.ronProper Noun
খুব কম সময়ত হোৱা বহুত বেছি পৰিমানৰ বৰষুণ৷
A cloudburst is an extreme amount of precipitation, sometimes with hail and thunder, which normally lasts no longer than a few minutes but is capable of creating flood conditions.
- ডাৱৰীয়াda.wo.ri.yaProper Adj.
মেঘেৰে ঢাকি থকা আকাশ
Full of or covered with clouds.
- ডি.টি.পি.di.ti.piMaterial Noun
A setup of software and hardware designed to create documents of mass publications.
- ডিংডিঙাding.di.ngaMaterial Noun
সৰাল পাতৰ মজলীয়া আকাৰৰ থিয় গছ৷ ৬-৮ মিটাৰ ওখ হয়৷ পাত যৌগিক ৯০ -১৫০ ছেণ্টিমিটাৰ দীঘল,মূল পক্ষল ৫ - ৭ যোৰ, মাখিপাত অসংখ্য।
Oroxylum indicum is a species of flowering plant belonging to the family Bignoniaceae, commonly called midnight horror, oroxylum, kampong, or Indian trumpet flower. It is a tree which can reach a height of 12 metres.
- ডিঅক্সিৰাইব’নিউক্লিক এচিদdi.ok.si.rai.bo’’.niu.klik e.sidMaterial Noun
ডিঅক্সিৰাইব`নিউক্লিক এচিদ বা ডিএনএ সকলো কোষৰ কোষকেন্দ্ৰত থকা আনুবংশীয় উপাদান | ৰাসায়নিক ভাৱে ই ডিঅক্সিৰাইব`নিউক্লিঅ’টাইদ (এডিনিন, থাইমিন, গুৱানিন , চাইট`চিন),ৰ বহুযোগী যৌগ যিবিলাক ডিঅক্সিৰাইব`ফছফেটৰ দ্বাৰা লগ লাগি থাকে|চুইচ্ বিজ্ঞানী ফ্ৰেডেৰিক মাইছাৰে ১৮৬৯ চনত প্ৰথম ইয়াক আৱিষ্কাৰ কৰিছিল | ৰ`জেলিন ফ্ৰেঙ্কলিনৰ ৰঞ্জন ৰশ্মি অপৱৰ্তন পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ১৯৫৩ চনত ফ্ৰাঞ্চিচ ক্ৰিক আৰু জে ডি ৱাটছনে ডিএনএৰ দুদলীয়া সৰ্পিল আৰ্হি প্ৰকাশ কৰে | ইয়াৰ লগে লগে আনৱিক জীৱবিজ্ঞানৰ নতুন যুগৰ সূচনা হয় | ক্ৰিক আৰু ৱাটছনে যুটীয়া ভাৱে চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰে |
Deoxyribonucleic acid, the genetic material in the nuclei of all cells. Chemically it is a polymer of deoxyribonucleotides; the purine bases adenine and guanine, and the pyrimidine bases thymidine and cytidine, linked to deoxyribose phosphate. The sugar-phosphates form a double-stranded helix, with the bases paired internally.DNA is often compared to a set of blueprints or a recipe, since it contains the instructions needed to construct other components of cells, such as proteins and RNA molecules.DNA was first isolated by the Swiss physician Friedrich Miescher who, in 1869, discovered a microscopic substance in the pus of discarded surgical bandages. In 1953, based on X-ray diffraction images taken by Rosalind Franklin and the information that the bases were paired, James D. Watson and Francis Crick suggested what is now accepted as the first accurate model of DNA double helical structure.
- ডিএনএdi.en.eMaterial Noun

- ডিকনিNoun
এবিধ আঁক টনা কাপ
a pen used in drawing lines
- ডিকনীNoun
এবিধ আঁক টনা কাপ
a pen used in drawing lines
- ডিকিdi.kiMaterial Noun
an enclosed compartment of a car for holding luggage, etc, usually at the rear
- ডিকিৰ্ḍikirIntransitive verb
কিৰীলিয়া; আনন্দেৰে চিয়ঁৰি থাক্ (কেঁচুবা ল'ৰা- ছোবালী)
to laugh and cry loudly and mirth-fully