কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জনজাতিjo.no.ja.tiCommon Noun
উমৈহতীয়া পূৰ্বপুৰুষ আৰু নিৰ্দ্দিষ্ট সাংস্কৃতিক পৰম্পৰা বিশিষ্ট এক সামাজিক গোট।
A unit of sociopolitical organization consisting of a number of families, clans, or other groups who share a common ancestry and culture and among whom leadership is typically neither formalized nor permanent.
- জনজাতীয়jo.no.ja.ti.yoProper Adj.
জনজাতি সম্পৰ্কীয়।
pertaining to a unit of sociopolitical organization consisting of a number of families, clans, or other groups who share a common ancestry and culture and among whom leadership is typically neither formalized nor permanent.
- জনজীৱনjo.no.ji.bonAbstract Noun
সমাজ বা সম্প্ৰদায়ৰ মাজত থকা সাধাৰণ লোকৰ জীৱন।
The life of a common man as in a community.
- জনতাjo.no.taAbstract Noun
কোনো সম্প্ৰদায়, ৰাজ্য বা ৰাষ্ট্ৰৰ নিৰ্দিষ্ট মানুহৰ গোট৷
a particular group of people in a community, state, or nation.
- জনতাতন্ত্ৰjo.no.ta.ton.troAbstract Noun
জন-সাধাৰণৰ হাতত দেশৰ আচল কতৃত্ব থকা শাসন-প্ৰণালী, য’ত ভোট দানৰ সহায়ত দেশৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে ৷
A form of government in which sovereign power resides in the people and is exercised by them or by officers they elect to represent them.
- জনদিয়েকjon.diyekPronoun
অনিৰ্দিষ্ট কোনো এজন ব্যক্তি | ইয়াৰে জনৈক পুংলিঙ্গবাচক আৰু জনৈকা স্ত্ৰীলিঙ্গবাচক শব্দ |
Any unspecified person.
- জনধাjo.no.dhaMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- জননjananaNoun
ওপজন; জন্ম
birth
- জনন ফুলjo.non phulProper Noun
গৰ্ভধাৰণৰ কালছোৱাত গৰ্ভাশয়ক আৱৰি থকা আচ্ছাদন; ই সন্তানটিক পুষ্টি আৰু অক্সিজেন যোগান ধৰে |
The vascular structure in the uterus of most mammals providing oxygen and nutrients for and transferring wastes from the developing foetus.
- জননকোষjo.non.ko`xMaterial Noun
এক পৈণত যৌন প্ৰজনন কোষ, যেনেঃ শুক্ৰকোষ বা ডিম্বকোষ, যি পৰস্পৰ মিলিত হৈ নতুন জীৱৰ সৃষ্টি কৰে
a mature sexual reproductive cell, as a sperm or egg, that unites with another cell to form a new organism
- জননাংগjo.no.nang.goProper Noun
শৰীৰৰ যিবিলাক ভাগৰ দ্বাৰা সন্তান জন্মাৰ কাৰ্য্য হয়, সেইবোৰৰ প্ৰতিভাগ ।
The reproductive organs, especially the external sex organs.
- জননাশৌচjananāśaucaNoun
চেৰাশলীয়া অশৌচ; ল'ৰা ওপজাৰ অশৌচ
ceremonial uncleanliness owing to childbirth
- জননায়কjo.no.na.yokCommon Noun
জনসাধাৰণে ভাল পোৱা বা সাধাৰণ জনতাৰ শ্ৰদ্ধাৰ পাত্ৰ অভিজ্ঞ ৰাজনৈতিক নেতা
leader of the masses; an experienced political leader that many people respect
- জননীjananīNoun
আই; মাতৱ
a mother
- জননেতাjo.no.ne.taCommon Noun
জনসাধাৰণে ভাল পোৱা বা সাধাৰণ জনতাৰ শ্ৰদ্ধাৰ পাত্ৰ অভিজ্ঞ ৰাজনৈতিক নেতা
leader of the masses; an experienced political leader that many people respect
- জননেন্দ্ৰিয়jananendriẏaNoun
শৰীৰৰ যিবিলাক অংশৰ দ্বাৰা সন্তান জন্মোবা কাৰ্য্য হয়; যেনে-গৰ্ভ, লিঙ্গ, অণ্ডকোষ, আদি
any of the sexual organs
- জনপদjanapadaNoun
মানুহ থকা ঠাই; দেশ; ৰাজ্য
an inhabited place; a country
- জনপদকল্যাণীjo.no.pod.ko.lya.niProper Noun
পৌৰাণিক ভাৰতত কোনো কোনো অঞ্চলত এই পদত ৰাজ্যৰ আটাইতকৈ সুন্দৰী বুলি ভবা নাৰীক নিযুক্তি দিয়া হৈছিল৷ সামাজিক ভাৱে অতি বেছি মৰ্য্যদা পোৱা এনে নাৰী ৰাজ-নৰ্তকী আৰু ৰাজ-গণিকা আছিল৷
("bride of the city") A tradition followed in some parts of ancient India.Women competed to win the title of a Nagarvadhu, and it was not considered a taboo. The most beautiful woman was chosen as the Nagarvadhu.A Nagarvadhu was respected like a queen or Goddess, but she was a courtesan or prostitute; people could see her dance and sing. A Nagarvadhu`s price for a single night`s dance was very high, and she was only within the reach of the very rich – the king, the princes, and the lords.
- জনপদবধূjo.no.pod.bo.dhuCommon Noun
a woman who engages in sexual intercourse for money
- জনপিয়লjo.no.pi.yolAbstract Noun
এটা জনসমষ্টি সম্বন্ধে বিভিন্ন তথ্য গণনা আৰু নথিভুক্তকৰণ প্ৰক্ৰিয়া
counting and recording various parameters of a population