কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চগা পৰ্cagā, par
অকস্মাৎ আহি লোকৰ ভাগ ল
suddenly and unexpectedly to come and take a share of another's thing
- চঙ্গীনcaṅgīna
বন্দুকৰ মূৰত লগোবা তৰোবাল; যেনে-"চঙ্গীনে তৰোবালে খুটি কাটি বাঘটো মাৰিলে"
a bayonet
- চচ্ৰাcacrāNoun
জিকা-ভোলৰ ভিতৰত থকা শুকান জালখন
the dry inner part or sponge of the luffa or cornered gourd
- চচ্পেনsos.penMaterial Noun
কোনো বস্তু উতলাবলৈ বা সিজাবলৈ ব্যৱহাৰ কৰা দীঘল নাল থকা ধাতুৰ পাত্ৰ ৷
a metal container of moderate depth, usually having a long handle and sometimes a cover, for stewing, boiling, etc.
- চচৰাCommon Noun
শুকান ভোল
dried sponge gourd
- চছমাcachamāNoun
চকু; বিত-চকু
spectacles
- চছমা বান্দৰsos.ma ban.dorCommon Noun
চকুৰ চাৰিওফালে বগা নোমেৰে আৱৰি চছমা যেন দেখা পোৱা এবিধ বান্দৰ৷
A species of leaf-eating (or “folivorous”) monkeys. The langur has a dark gray to black/brown coat. They have a slender, lithe physique and a naked face. The eyes are ringed with white circles that give an eyeglass appearance. They have noticeable bristly hairs at the eyebrows.
- চছাঁলীso.sa~.li.Material Noun
মৰাশ নিয়া বা কঢ়িওৱা বাহন।
a carriage to carry the dead body to the cremation ground, grave.
- চজনাsoj.naCommon Noun
উচ্চ পুষ্টিকাৰক গুটিৰ দীঘল লেচেৰা ধৰা বিস্তৃতভাৱে খেতি কৰা এক উদ্ভিদ।
a widely cultivated plant for its long seed pods which have high nutritional value.
- চজিনাcajināNoun
ছিৰলী ছিৰলী পাতেৰে এবিধ ওখ ডাঙৰ গছ [সৰু সৰু বগা ফুল আৰু দীঘল গোটা ছেঁই ধৰে; কোমল ছেঁই, পাত আৰু গছৰ ছালৰ আঞ্জা খায়।]
the horse-raddish; Moringa pterygosperma
- চজ্জাcajjāNoun
ছিমেণ্ট-ইটাৰে পকী ঘৰত খিৰিকী, দুবাৰ, বেৰ আদিৰ ওপৰত আগ বঢ়াই সজা গঠন।
- চঞ্চcañcaNoun
খৰাহি জাতীয় এবিধ পাত্ৰ; যেনে- "অব ৰুটিয়া লেছ মাখন চঞ্চ পূৰি। মূৰৰী লেহু শ্যাম বজাবনকো" (বৰগীত)।
- চঞ্চনীয়াcañcanīẏāAdjective
চনকা; বেগেতে ভগা; মূৰ্মূৰীয়া
easily broken; brittle
- চঞ্চলcañcalaAdjective
লৰচৰ কৰি থকা; লৰি থকা
moving
- চঞ্চলতাson.so.lo.taAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- চঞ্চলমতিson.sol.mo.tiProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- চঞ্চলাson.so.laAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- চঞ্চুcañcuNoun
চৰাইৰ ঠোঁট
a break
- চঞ্চূcañcūNoun
চৰাইৰ ঠোঁট
a break
- চঞ্চৰcañcaraAdjective
চঞ্চল; যেনে-"বিজুৰী চঞ্চৰ ভয়ো নীল মেঘ" (বৰগীত)।