কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কচু-ঘোঁটা
মাৰিৰে বৰকৈ পিহা বা মথা কাৰ্য্য; কষ্ট বা দিগ্ দিয়া কাৰ্য্য
the act of stirring violently; a violent shake
- কচু-ঘোঁটা দি
অতিশয়ৰূপে কষ্ট দি; লটি-ঘটি কৰ্
to put to severe trouble; to give a violent shaking
- কচু-দোপNoun
কচু আদিৰে ভৰি থকা দোপনি, খাল বা জলাতক ঠাই
a low place, a ditch or so, where arum plants abound
- কচু-হাঁহkacu-hām̐haNoun
এবিধ আমৰলীয়া বৰণৰ বনৰীয়া পানী-হাঁহ
a variety of wild duck
- কচুকলাko.su.ko.laCommon Noun
কচু গছৰ ফুল ।
the flower of arum plant.
- কচুগুটিko.su.gu.tiProper Noun
মাটিৰ তলত থকা কচুৰ টেপু/পেটা৷ কিছুমান কচুৰ পেটাটো খাদ্য হিচাৱে গ্ৰহণ কৰিব পাৰি৷
A fleshy underground root (<i>tuber</i>) of arum which serves for reproductive and food storage. The tuber of few species of arum are also taken as food.
- কচুবনিNoun
সৰহকৈ কচু গজি থকা ঠাই।
- কচুবাkacubāAdjective
কচুৰ গুণ থকা
having the quality of arum
- কচুবা-গামkacubā-gāmaNoun
এবিধ খজুওবা ছালৰ ৰোগ
a kind of itching skin disease
- কচুবালাko.su.ba.laCommon Noun
কচু গছৰ ফুল ।
the flower of arum plant.
- কচুলাCommon Noun
এবিধ নোমাল বিছা জাতিৰ পোক
a worm of a scorpio type having much hair.
- কচুৰkacuraNoun
অপৰাধ; দোষ; ত্ৰুটি
offence; failure; deficiency
- কচুৰিkacuriNoun
ভিতৰত দাইল, লোণ, মচলা আৰু বাহিৰে আটুগুড়িৰে সজা এবিধ ঘূৰণীয়া ঘিউত ভজা পিঠা
a kind of Indian cake
- কচুৱনিko.su.wniMaterial Noun
সৰহকৈ কচু গজা ঠাই৷
a plantation of arum
- কচুৱাko.su.waProper Adj.
কচুৰ গুণ বিশিষ্ট
having the quality of tubers of taro plants
- কচোবাkacobāNoun
মাছ, ঘোঁৰা বা আন জন্ত্তৰ পেটত থকা কেঁচুৰ নিচিনা এবিধ লোক
a worm found in the intestines of fish or other animals
- কচোবা-শিঙৰাkacobā-śiṅarāNoun
এবিধ ডাঙৰ শিঙৰা মাছ; লালোবা-শিঙৰা
a kind of fish
- কচোবানkacobānaNoun
ঘোঁৰা শিকোবা মানুহ; ঘোঁৰাগাড়ী চলাওঁতা
coachman ; a trainer of horses; a driver of a coach
- কচোৱানko.so’.wanCommon Noun
গৰু গাড়ী চলোৱা বা চলাই জীৱন যাপন কৰা ব্যক্তি |
One who drives or uses a cart.
- কচ্kacIntransitive verb
জৰী টানি বান্ধ্; আঁটি বান্ধ্; আঁট্; ; বি. কচা আঁটি বন্ধা।
to draw the string tight in binding