কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যমুনাyamunāNoun
বৱন্দাবনৰ মাজেদি বৈ থকা এখন নৈ [এই নৈৰ পাৰত কৱষ্ণই নানা ধেমালি কৰিছিল।]
the river Yamuna
- যমুনামুখjo.mu.na.mukhProper Noun
অসমৰ নগাঁও জিলাৰ উল্লেখযোগ্য স্থান৷
An important place of Nagaon district of Assam
- যম্বুৰাjom.bu.raCommon Noun
সেউজীয় বা হালধীয়া ৰঙৰ এবিধ টেঙা জাতীয় ফল৷
It is a citrus fruit of pale green to yellow when ripe, larger than a grapefruit. It's pulp tastes sweet when ripe and has thick spongy rind.
- যমৰ দক্ষিণ দুবাৰ
দুৰ্ঘোৰ শাস্তিৰ ঠাই।
- যমৰ যাতনাjo.mor ja.to.naAbstract Noun
মৰণৰ সমান দুখ; অসহ্য দুখ-কষ্ট |
Intense feelings of suffering; acute mental or physical pain.
- যমৰাজjom.rajProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- যযাতিyayātiNoun
চন্দ্ৰবংশী যদুৰ বাপেক; শুক্ৰ-কন্যা দেবযানীৰ স্বামী; চন্দ্ৰবংশৰ পঞ্চম ৰজা
a lunar king
- যলৈAdverb
যি ঠাইলৈ
where; to which place
- যশyaśaNoun
যশস্যা; সুখ্যাতি; নাম; কীৰ্ত্তি
fame; renown
- যশস্কৰAdjective
সুনাম বঢ়োবা; নাম জলোবা
rendering famous; glorifying
- যশস্তা
যশ; যশবন্ত, যশস্বান বিণ. যশস্য থকা; যশস্বী; সুনাম থকা; খ্যাতিমন্ত
famous; celebrated
- যশস্তিলকjo.xos.ti.lokProper Noun
সোমদেৱৰ দ্বাৰা ৯৫৯চনত ৰচিত, জৈন ধৰ্ম সম্পৰ্কীয় কিতাপ৷ সংস্কৃতৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি কৃষ্ণকান্ত সন্দিকৈদেৱে যশস্যা অৰ্জন কৰিছিল৷
A Jain religious romance written in Sanskrit prose and verse. It was composed by Somadeva in CE 959. Noted Sanskrit scholar Prof Krishna Kanta Handique translated it to English. It is notable as an encyclopaedic record of literary, socio-political, religious and philosophical data that throws light on the cultural history of the Deccan in early medieval India.
- যশস্বানjo.xo.swanProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশস্বীAdjective
যশস্যা-শালী; খ্যাতি-থকা
famous; glorious
- যশস্যাjo.xo.syaAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- যশস্যাযুক্তjo.xos.sya.juk.toProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশস্যাশালীjo.xo.sya.xa.liProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশস্যাৱন্তjo.xo.sya.won.toProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- যশোদাjo.xo`.daProper Noun
নন্দৰ ভাৰ্যা, কৃষ্ণৰ তোলনীয়া মাতৃ৷
the name of the wife of Nanda, foster mother of Krishna.
- যশোদাদুলালjo.xo`.da.du.lalProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.