কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভদন্তbhadantaNoun
বৌদ্ধ শ্ৰমণৰ সম্মানজনক উপাধি।
- ভদাCommon Noun
বুদ্ধি নোহোৱা মানুহ।
a person showing lack of sense.
- ভদীয়াbhadīẏāAdjective
ভাদত ওপজা বা উৎপন্ন হোবা
produced or born in the month of Bhādra
- ভদীয়া পাগ, ভদীয়া চৰুbhadīẏā, pāga, bhadīẏā, caruNoun
ভাদ মাহত ব্যবহাৰ কৰা অশুচি ভাতৰ চৰু
the cooking pots used in the month of Bhādra
- ভদ্ৰbhadraAdjective
উত্তম; ভাল; . b >2/b>। সাধু; ভাল আচৰণৰ দ্বাৰায় লোকৰ মনত সন্তোষ দিয়া
excellent ; gentle; of pleasing manners
- ভদ্ৰকালীbhadrakālīNoun
দুৰ্গাৰ এটা ৰূপ
a form of Durgā
- ভদ্ৰজনোচিতbho.dro.jo.no`.sitProper Adj.
ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।
(a person) refined in manners, well-bred and polite.
- ভদ্ৰতাbhodrotaAbstract Noun
ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত আনৰ প্ৰতি ভাল আচৰণ দেখুওৱা গুণ।
the quality of showing good manners toward others, as in behavior, speech, etc.
- ভদ্ৰতৰ-শিলাbhadratara-śilāNoun
এবিধ শিল [এই শিলেৰে জগন্নাথ দ'ল তৈয়াৰ কৰা হৈছিল বুলি কয়।]
a kind of stone with which the foundation of the Jagannātha temple was made
- ভদ্ৰভাৱেbhod.ro.bha.beAdverb
সৌজন্যতা দেখুৱাই কৰা কোনো কাম বা আচৰণ ৷
In a civil manner with due respect and kind.
- ভদ্ৰমহিলাbhod.ro.mo.hi.laCommon Noun
এগৰাকী শ্ৰদ্ধেয়া নাৰী
a respected female human individual
- ভদ্ৰলোকbhadralokaNoun
ডাঙৰ লোক; ভাল মানুহ; সজ বা প্ৰীতিকৰ আচৰণৰ শিক্ষিত লোক
a gentleman
- ভদ্ৰাbhadrāNoun
কুবেৰৰ ভাৰ্য্যা
the wife of Kuvera
- ভদ্ৰাইকbho.draikProper Noun
উত্তৰ ভাৰতৰ হাবিত পোৱা এবিধ আওকাঠী গছ, যাৰ ফল খাব পাৰি
a kind of wild tree of northern India, the fruits of which may be eaten
- ভদ্ৰাকাঙ্ক্ষীbhadrākāṅkṣīAdjective
মঙ্গল বাঞ্ছা কৰা
wishing well of another
- ভদ্ৰাক্ষbhadrākṣaNoun
এজাতি সৰু গুটিৰে ৰুদ্ৰাক্ষ।
- ভদ্ৰাণীbhod.ra.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- ভদ্ৰাসনbhadrāsanaNoun
অতি শ্ৰেষ্ঠ ৰকমৰ আসন; সিংহাসন
an ornamental and respectable seat; a throne
- ভদ্ৰেশ্বৰProper Noun
কল্পগ্ৰামস্থ শিৱ, দুৰ্গাই আৰাধনা কৰা কৈলাসস্থিত শিৱলিংগ
Siva of Kalpagrama, an earthly Sivalinga of Kailasha, worshipped by Durga.
- ভদৰক'লীbhadaraka'līNoun
বূকু বগা, গা ক'লা বৰণৰ এবিধ সৰু চৰাই
a kind of small bird