কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঘা-খোবাNoun
ডেও পৰা বা বৰ দুষ্ট মানুহ; , স্ত্ৰী. পঘাখাঁতী।
a very wicked man
- পঘা-খোৱাpo.gha-kho.waProper Adj.
অসৎ, দুষ্ট আৰ উদণ্ড স্বভাৱৰ |
Evil in principle or practice; deviating from morality; contrary to the moral or divine law; addicted to vice or sin; sinful; immoral; profligate.
- পঘা-গুনঠীয়াpo.gha-gu.no.thi.yaProper Adj.
গৰু বন্ধা পঘাৰ মূৰৰ গাঁঠিৰ নিচিনা
resembling the round knot at the end of a rope used to tie cattle
- পঘাগুণঠীয়াAdjective
পঘাৰ মূৰত থকা ঘাঁঠিৰ নিচিনা (গাঁঠি); মাজে মাজে পঘাৰ গাঁঠিৰ দৰে উঠঙা থকা (জৰী)
resembling the round knot at the end of a rope used in fastening cattle
- পঘেpagheNoun
উঘা।
- পঙ্কpaṅka
বোকা
mud
- পঙ্কজ
পদুম
lotus
- পঙ্কজ উধাচpon.koj u.dhasProper Noun
বিখ্যাত ভাৰতীয় গজল গায়ক৷ তেখেতক ২০০৬ চনত পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হয়৷
a reputed and popular ghazal singer of India. He was awarded the Padmashree in 2006 for his outstanding contribution to Indian music.
- পঙ্কজিনীpaṅkajinīNoun
পদুম-পুখুৰী
lotus-pond
- পঙ্কময়Adjective
বেচি বোকা থকা; বোকাৰে ভৰা; পঙ্কাকুল
muddy; full of mud
- পঙ্কাকুল
বোকাৰে ভৰা
full of mud
- পঙ্কিলAdjective
বোকাযুক্ত; পঙ্কময়
muddy
- পঙ্গপালpaṅgapālaNoun
ফৰিং জাতীয় পতঙ্গৰ জাক।
- পঙ্গুpaṅguNoun
খোৰা বা পেঙুৰা মানুহ
a cripple
- পঙ্গুত্বpong.gu.twoAbstract Noun
শাৰীৰিক বা মানসিক বাধাগ্ৰস্ততাৰ কাৰণে স্বাভাৱিক ধৰণে কাম-কাজ কৰিব নোৱৰা অৱস্থা
The condition of not being able to act normally due to some physical or mental constraints
- পচতিpacatiNoun
কোনো ঠাইত তিৰো তাই কৰা জন্মাষ্টমীৰ আনুষঙ্গিক উৎসব।
- পচতীয়াpacatīẏāNoun
পঞ্চপৰ্ণ (সং); প্ৰতি ঠাৰিতে পাঁচোটা পাত থকা দৰবৰ গছ-বিশেষ
a deciduous shrub having thin gray bark; vitex negunde (Gamble)
- পচনpacanaNoun
পচা কাৰ্য্য। বিণ. যিটো পচিছে (সাৰ)।
- পচন সাৰpo.son.xarMaterial Noun
জৈৱ পদাৰ্থ, যেনেঃ পেলনীয়া শাক-পাচলি আদি পচাই তৈয়াৰ কৰা সাৰ
A mixture of decayed organic matter, like vegetable wastes, used for manure
- পচনশীলpo.son.xilProper Adj.
সোনকালে পচি যাব পৰা বা বেয়া হৈ যাব পৰা।
Likely to decay or go bad quickly.