কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষৌৰ কৰ্ম কৰ্khyou.ro kor.mo korVerb-Trans.
শৰীৰৰ নোম আঁতৰ কৰ্, বিশেষকৈ পুৰুষৰ মুখ-মণ্ডলৰ।
to remove hair from the body, especially a man's face, by cutting it close to the skin
- ক্ষৌৰ-কৰ্মkṣaura-karmaNoun
ডাঢ়ি, মূৰ ইত্যাদি
- ক্ষৌৰ-কৰ্ম্মkṣaura-karmmaNoun
ডাঢ়ি, মূৰ ইত্যাদি
- ক্ষৌৰকkhou.rokCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- ক্ষৌৰকাৰ
নাপিত।
- ক্ষৌৰিকkhyou.rikCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- ক্ষৌৰীkhyou.riMaterial Noun
Instrument with a sharp blade used for shaving hair, beard, etc.
- ক্ষয়kṣaẏaNoun
নাশ; হানি; টুটন; কমি যোবা
destruction; decrease
- ক্ষয় চক্ৰAbstract Noun
ভূপৃষ্ঠ, বিকাশত জৰিত এক চক্ৰীয় প্ৰক্ৰিয়া৷
The fluvial cycle of erosion published in 1909 defined a young, mature, and old sequence in the development of river valleys and the landscape the rivers were eroding.
- ক্ষয়-ক্ষতি কৰ্Verb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ক্ষয়ংকৰProper Adj.
হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
able to cause harm or hurt
- ক্ষয়ংকৰীProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- ক্ষয়কাৰীkhyoy.ka.riVerbal Adj.
লাহে-লাহে বেয়াৰ ফাললৈ ঢাল খোৱা (ৰোগ বা অৱস্থা)।
(of a disease or condition) getting steadily worse.
- ক্ষয়ক্ষতিkhyoy.khyo.tiAbstract Noun
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.
- ক্ষয়প্ৰাপ্তkhyoy.prap.toProper Adj.
ক্ষয় হোৱা কোনো বস্তু ৷
Something that has been damaged by decay.
- ক্ষয়হীনkhyoy.hinProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- ক্ষয়হীনতাAbstract Noun
ধ্বংশ নোহোৱা গুণ ।
the property of being resistant to decay
- ক্ষয়িতkhyo.yi.toProper Adj.
ক্ষয় হোৱা কোনো বস্তু ৷
Something that has been damaged by decay.
- ক্ষয়িষ্ণুkṣaẏiṣṇuAdjective
যিহৰ ক্ষয় হৈ গৈ আছে।
- ক্ষয়ীkhyo.yiProper Adj.
সোনকালে পচি যাব পৰা বা বেয়া হৈ যাব পৰা।
Likely to decay or go bad quickly.