কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দণ্ডৱতdon.do.botVerbal Noun
দীঘল হৈ পৰি কৰা প্ৰণাম ।
the act of bowing in humility or veneration.
- দত্তdattaAdjective
যিটো দিয়া হ'ল; যিটো অৰ্পণ কৰা হ'ল
given; bestowed
- দত্তকProper Adj.
নিজৰ সন্তানৰ দৰে তুলি লোৱা ৷
Taking into one's family through legal means and raise as one's own child.
- দত্তক সন্তানdot.tok xon.tanCommon Noun
আইনগত অভিভাৱক নোহোৱাকৈ কোনোবাই (অলপ দিনৰ বাবে) তুলি লোৱা আনৰ সন্তান৷
child brought up (for sometime) by somebody other than the natural parent and usually without becoming his or her legal parent(s)
- দত্তক-পুত্ৰdattaka-putraNoun
আনৰপৰা পুত্ৰ-ৰূপে গ্ৰহণ কৰা ল'ৰা; পোষ্য পুত্ৰ; তোলনীয়া পো
an adopted son
- দত্তাত্ৰেয়dattātreẏaNoun
অত্ৰি মুনিৰ পুত্ৰৰূপে হোবা দত্ত নামে বিষ্ণুৰ এক অবতাৰ; যেনে-"দত্তাত্ৰেয় নামে ভৈলা অত্ৰিৰ তনয়" (চতুৰ্বিংশতি অবতাৰ-কীৰ্ত্তন)
an incarnation of Viṣṇu
- দত্তাপহাৰীCommon Noun
নিজে দিয়া কোনো বস্তু পুনৰ ঘূৰাই লোৱা ব্যক্তি
one who takes back something given by himself
- দত্তাপ্ৰহাৰীdattāprahārīNoun
এবাৰ দান কৰি পুনৰ ছলেৰে বা বলেৰে নিওঁতা
one who takes back something given already by himself
- দত্তেয়Proper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- দতৰাdo.to.raMaterial Noun
এডাল তাঁৰ থকা, কামৰূপীয় লোকগীতৰ লগত বজোৱা এবিধ বাদ্য যন্ত্ৰ
One kind of string musical instrument mainly use with folksong of Kamrup region of Brahmaputra valley. <br><a href=http://www.cic.nic.in/cicwebpages/Assam/agomani/tagar.html>ref1</a>
- দদা-শহুৰ
নিজৰ তিৰোতাৰ বা ভাৰ্য্যাৰ দদায়েক
a wife's paternal uncle
- দদাইdadāiNoun
খুৰা; পিতাৰ ভায়েক
paternal uncle
- দদাইতিCommon Noun
নিজৰ দেউতাকৰ ভায়েক৷
younger brother of one's father
- দদাইদেউdo.dai.deuCommon Noun
নিজৰ দেউতাকৰ ভায়েক৷
younger brother of one's father
- দদ্ৰুdo.druAbstract Noun
বৰকৈ খজুৱতি কৰা এবিধ চালৰ বেমাৰ
a skin disease causing extensive itching
- দধিdadhiNoun
দৈ গাখীৰ
curd; coagulated milk
- দধি-মথন
যশোদাই দৈ মন্হন কৰা কথা লিখা মাধবদেবৰ এখন নাট
the name of a drama about the churning of milk by Yaśodā
- দধি-মুখ
দৈৰ নিচিনা বগা মুখেৰে এটা বান্দৰ; সুগ্ৰীবৰ মোমায়েক
the name of a monkey
- দধি-সাগৰ
দৈ গাখীৰৰ সাগৰ
the fifthy ocean or the ocean of curd of the Hindu mythology
- দধিচাৰMaterial Noun
দৈ তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা লাঠি বা মাৰি
a stick used in making of curd