কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰঘুবীৰProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- ৰঘুবৰNoun
ৰঘুনাথ।
- ৰঘুমণিro.ghu.mo.niProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- ৰঘুমলাraghumalāNoun
কোনো গছৰ গাতে শিপা মেলি বা মেৰাই জন্মা এবিধ লতা-চানেকীয়া সৰু গছ [ইয়াৰ গুটি বুঢ়া হ'লে তাৰ গাত এবিধ এঠা হয়; গুটি সৰিলে এঠায়; গতিকে সি আন গছৰ গাত লাগি ধৰে আৰু তাৰেপৰা গছ গজে।]
a kind of parasitical plant; the mistletoe; Loranthus pentapetalus
- ৰঘুমৰাraghumarāNoun

- ৰঘূবংশমro.ghu.bong.xomProper Noun
মহাকবি কালিদাসৰ দ্বাৰা ৰচিত মহান কাব্য৷
A Sanskrit epic poem by the most celebrated Sanskrit poet Kalidasa.
- ৰঙচাraṅacāNoun
অলপ ৰঙা বৰণ বা তাৰ চিন
slight red tinge; reddishness
- ৰঙচীয়াAdjective
ঈষৎ ৰঙা; অলপ ৰঙা-বৰণীয়া
reddish
- ৰঙচুবাAdjective
ঈষৎ ৰঙা; অলপ ৰঙা-বৰণীয়া
reddish
- ৰঙচুৱাro.ngo.su.waProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- ৰঙাraṅāAdjective
তেজ-বৰণীয়া
red
- ৰঙা আলুNoun
"মিৰি আলু" চোবাঁ।
- ৰঙা খলিহনাNoun
খলিহনা মাছৰ এটা উপজাতি [দেখিবলৈ শুবনী; গাত ৰঙা আৰু নীলা পখালি আঁচ থাকে।]
a kind of small mud-water fish; Tricogas-tarialius
- ৰঙা ঘোৰাNoun
ঘৰ আদি পোৰাত বৰকৈ উঠা ৰঙা জলা জুই
a huge burning fire
- ৰঙা চন্দনNoun
ছিৰলী ছিৰলী পাতেৰে এবিধ মজলীয়া আকাৰৰ গছ [খৰালি পাত সৰি গছ লঠা হয়; ছেঁই মেলি ৰঙা লাটুমণিৰ নিচিনা গুটি ধৰে; ইয়াৰ কাঠৰ বৰণ তেজী ৰঙা; তাক পিহি ফোঁট লয়।]
red sandal wood; Adenanthera pavomia, A or Pterocarpus santa-linus
- ৰঙা চাহro.nga sahMaterial Noun
গাখীৰ নিদিয়াকৈ বনোৱা চাহ৷
Tea that is prepared without milk.
- ৰঙা চাৰীNoun
এজাতি ৰঙা বৰণৰ চাহী।
- ৰঙা জবাNoun
"জবা" চোবাঁ।
- ৰঙা পদুমNoun
"পদুম" চোবাঁ।
- ৰঙা পদ্মro.nga pod.moCommon Noun
পানীত জন্মা এবিধ ৰঙা পদুম ফুল৷
An aquatic red lotus. The flowers are usually found on thick stems rising several centimeters above the water with a sweet smelling. They are broad, rounded in shaped with big petals and perforated seedpod, and fleshy rhizomes. The large round leaves float on top of the water surface.