কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢেঁকী দি
ঢেঁকীৰে খুন্দ্ বা পৰিষ্কাৰ কৰ্
to clean or pound as grain, with a pedal
- ঢেঁকী-শালḍhem̐kī-śālaNoun
ঢেঁকীৰে ধান বনা ঘৰ
a shed where a pedal is worked
- ঢেঁকী-শাল-টোকাAdjective
অ'ৰ-ত'ৰ বুটলি খোবা; মাগি-বুজি খোবা
living by begging; living on holes
- ঢেঁকী-সাপḍhem̐kī-sāpaNoun
এজাতি ঢেঁকীৰ নিচিনা বৰ ডাঙৰ আৰু দীঘল সাপ; অজগৰ সাপ [ই পহু আদি জন্ত্ত জীয়াই জীয়াই গোটে গোটে গিলে।]
the boa-constrictor; the python; S. python reticulatus
- ঢেঁকীঘৰdhe~.ki.ghorMaterial Noun
ধান বানিবৰ কাৰণে ঢেঁকী ৰখা ঘৰ ৷
a shed where rice is cleaned.
- ঢেঁকীথোৰাḍhem̐kīthorāNoun
ঢেঁকীৰ খুবলিত খুন্দা পৰা ঢেঁকীৰ মুখ।
- ঢেঁকীশালdhe~.ki.xalMaterial Noun
চাউল,মচলা আদি গুৰি কৰিবলৈ ব্যাবহাৰ কৰা এবিধ কাঠৰ আহিলা|
A traditional Assamese wooden equipment to grind rice, spice etc.
- ঢেঁকীয়াḍhem̐kīẏāNoun
গোটা দীঘল ঠাৰিৰপৰা ফেৰেঙণি মেলি মেলি ছিৰলী ছিৰলী পাত ধৰা এবিধ বন [ইয়াৰ অনেক জাতি আছে, তাৰে এজাতিৰ শাক খোবা যায়।]
a kind of fern, a variety of which is used as a pot herb
- ঢেঁকীয়া- লতি
পাতৰ নিচিনা পাতেৰে এবিধ লতা
a species of creeping ferb; Lygodium flexonousm
- ঢেঁকীয়া-পতীয়াNoun
ঢেঁকীয়াৰ পাতৰ গঢ়ৰ গাত ক'লা আঁচ থকা এবিধ ডাঙৰ বাঘ
a species of large tiger
- ঢেঁকীয়া-শালিNoun
কাপ-ঢেঁকীয়া।
- ঢেঁকীয়াখোৱা বৰ নামঘৰdhe~.ki.ya.kho`.wa bor nam.ghorProper Noun
অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূবত ঢেঁকীয়াখোৱা বৰ নামঘৰ অৱস্থিত৷ জনশ্ৰুতি অনুসৰি প্ৰায় ৪৫০ বছৰৰ আগতে মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে৷ নামঘৰটোৰ মুঠ মাটিকালি ১১ বিঘা৷ ভাদ মাহত ঢেঁকীয়াখোৱা বৰ নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে৷ প্ৰতি বছৰে ভাদ মাহত ইয়াত চাৰি প্ৰসংগীয়া পালনাম অনুষ্ঠিত হয়৷ অগণন ভক্তৰ সমাৱেশ হয়৷
one of the famous Bor namghar (place of worship) in Assam, established by saint-reformer Madhabdev in 1461. It is located at Dhekiakhowa village of Jorhat, 3.5 km away from National Highway 37. Now this Bor namghar has 11 bighas of land, an auditorium of its own. The devotees of Assam donate freely to this namghar and due to their helping hand, the managing committee of namghar works a lot of social and cultural welfares. Almost 450 years old ,this namghar has been playing an important role in the exercise of Baisnav Religion and unity for the people of Assam.
- ঢেঁকীয়াপতীয়া বাঘdhe~.ki.ya.po.ti.ya baghCommon Noun
a subspecies of tiger primarily found in India and Bangladesh.
- ঢেঁকেৰḍhem̐keraNoun
উগাৰ আহোঁতে হোবা নিচিনা শব্দ; যেনে-"ঢেঁকেৰ ঢেঁকেৰ উগাৰ আহিছে"
a sound like that produced by belching
- ঢেঁকেৰীḍhem̐kerīNoun
মুছলমান ৰাজত্বৰ সময়ত কামৰূপ জিলাখনৰ ভাগ- বিশেষ [এভাগ "চৰকাৰ কামৰূপ" আৰু আন ভাগ "ঢেঁকেৰী কামৰূপ"।]।
- ঢেঁকেৰী-চালিḍhem̐kerī-cāliNoun
নামঘৰত মূধত দিয়া চালি
a shed erected adjoining the further end of a nāmghar
- ঢেঁকেৰীয়াḍhem̐kerīẏāNoun
মুনীয়া বা ফুট নথকা কঁঠাল
a diseased jack-fruit having no pulp inside
- ঢেঁকৰḍhem̐karaNoun
দোলাৰ দুই মূৰত থিয়কৈ লগোবা কেঁকোৰা বা ঘোৰ খোবা ধাতুৰ মাৰি, যাৰ দ্বাৰা দোলাখন ওলমাই নিয়ে
one of the two crooked metallic rods attached to each end of a dolā and on which the dolā is suspended by means of a long pole
- ঢেঁটুḍhem̐ṭuAdjective
দুষ্ট
wicked; cunning
- ঢেঁৰাḍhem̐rāNoun
ডাঙৰ পেট থকা এলেহুবা মানুহ
a pot-bellied or a fat lazy man