কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পক্ষপাতিত্বpo.khyo.pa.tit.toVerbal Noun
কোনো এক পক্ষৰ ফলীয়া হোৱা কাৰ্য্য; পৰস্পৰ বিপৰীত স্বাৰ্থযুক্ত মানুহৰ এদল বা এজনক এৰি আন দল বা জনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন।
The quality or state of being partial; inclination to favor one party, or one side of a question, more than the other; undue bias of mind.
- পক্ষপাতিত্বমূলকpo.khyo.pa.ti.two.mu.lokProper Adj.
কেৱল এজন ব্যক্তি বা এটা ফালক সমৰ্থন কৰা ৷
favoring one person or side over another or others.
- পক্ষপাতিত্বহীনpo.khyo.pa.ti.two.hinProper Adj.
কোনো নিৰ্দ্দিষ্ট দল বা পক্ষক সমৰ্থন অথবা বিৰোধ নকৰা
related or reactive to no particular party or side
- পক্ষপাতীpo.khyo.pa.tiProper Adj.
কেৱল এজন ব্যক্তি বা এটা ফালক সমৰ্থন কৰা ৷
favoring one person or side over another or others.
- পক্ষাঘাতNoun
বাত ব্যাধি; অৰ্দ্ধাঙ্গি
paralysis; hemiplegia
- পক্ষান্তৰেIndeclinable
আনফালে; সিফালে
on the other hand
- পক্ষিৰাজpakṣirājaNoun
পখীৰ ৰজা; গৰুড়।
- পক্ষীpakṣīNoun
চৰাই
a bird
- পক্ষী নীড়po.khyi nirMaterial Noun
চৰাইয়ে কণী পাৰিবলৈ আৰু পোৱালি তুলিবলৈ সজা ঘৰ
The home found or built by bird where it lays eggs and shelters its young
- পক্ষীকুল বিশেষজ্ঞpo.khyi.kul bi.xe.xo.gyoCommon Noun
চৰাই সম্পৰ্কে অধ্যয়ন কৰা, এই বিষয়ে বিশেষ জ্ঞান থকা লোক৷
one who specialises in orinthology; one who studies birds.
- পক্ষীগৃহpo.khyi.gri.hoMaterial Noun
চৰাইয়ে কণী পাৰিবলৈ আৰু পোৱালি তুলিবলৈ সজা ঘৰ
The home found or built by bird where it lays eggs and shelters its young
- পক্ষীজনিতProper Adj.
related to / pertaining to bird
- পক্ষীজ্বৰpo.khyi.jorProper Noun
ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈ চৰাইৰ গাত জ্বৰ হোৱা এবিধ বেমাৰ ৷
Bird flu is disease, refers to influenza caused by viruses adapted to birds. the highly contagious avian strain A virus known to have been transmitted directly and with increased virulence to humans.
- পক্ষীন্দ্ৰpo.khyin.droProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- পক্ষীবিজ্ঞানpo.khyi.bi.gyanAbstract Noun
চৰাইৰ বিষয়ে অধ্যয়ন(কৰা জীৱবিদ্যাৰ এটা ভাগ)৷
(a branch of zoology) concerned with the study of birds
- পক্ষীবিদpo.khyi.bi.gyanCommon Noun
চৰাই সম্পৰ্কে অধ্যয়ন কৰা, এই বিষয়ে বিশেষ জ্ঞান থকা লোক৷
one who specialises in orinthology; one who studies birds.
- পক্ষীবিদ্যাpo.khyi.bi.dyaAbstract Noun
চৰাইৰ বিষয়ে অধ্যয়ন(কৰা জীৱবিদ্যাৰ এটা ভাগ)৷
(a branch of zoology) concerned with the study of birds
- পক্ষীমাৰpo.khyi.marCommon Noun
যি জীৱিকা অথবা আমোদৰ বাবে বন্য প্ৰাণী বধ কৰে
one who kills wild animals for living or fun
- পক্ষীশালাMaterial Noun
চৰাই পোহা ঠাই
a place for keeping birds
- পক্ষীৰাজpo.khyi.rajProper Noun