কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দগা দি
কষ্ট দি; শাস্তি দি; যেনে-"স্বৰ্গদেবে শুনি তাক দগা দি কাটিলে" (অসম বুৰঞ্জী)।
- দগা-পাল্লাdo.ga-pal.laMaterial Noun
এডাল মাৰিৰ দুমূৰে দূখন চালনী বা ডলাৰ আকৃতিৰ সাজ ওলোমাই বস্তু জোখা যতন; কেতিয়াবা এডাল কাঁটাৰ সহায়ত সমতুল্য হৈছেনে নাই চোৱা হয়|
A weighing device, especially one consisting of a rigid beam horizontally suspended by a low-friction support at its center, with identical weighing pans hung at either end, one of which holds an unknown weight while the effective weight in the other is increased by known amounts until the beam is level and motionless.
- দগাবাজdagābājaAdjective
বৰ দুষ্ট; তবাজ
very wicked
- দগাবাজিNoun
দুষ্টালি; দগাবাজৰ কাম।
- দগ্ধdagdhaAdjective
পোৰা; পুৰি ছাই কৰা; পুৰি মৰা
burnt; destroyed
- দগ্ধ কৰ্dog.dho korVerb-Trans.
জুই লগাই ভস্ম কৰ্ ৷
Destroy by fire undergoing combustion.
- দগ্ধীকৰণdog.dhi.ko.ronAbstract Noun
কোনো পদাৰ্থত গলণ নোহোৱাকৈ তাপ দিয়া প্ৰক্ৰিয়া, এনে কৰা হয় কোনো ভৌতিক বা ৰাসায়ণিক পৰিবৰ্তন আনিবলৈ৷
Calcinations is the process of subjecting a substance to the action of heat, but without fusion, for the purpose of causing some change in its physical or chemical constitution.
- দগৰdagaraNoun
এবিধ হাতেৰে বজোবা বাদ্য
a kind of drum
- দগৰ-চুবা
অতিপাত চুবা ঠাই
a very unclean and impure place
- দগৰ-পিটা দি, দগৰি-পিটা দি, দগৰি পিট্, দগৰি পেলা
দবা কোবোবাৰ দৰে বৰকৈ মাৰ-পিট কৰ্; বৰকৈ কিলা
to beat severely
- দগৰিAdverb
দবনি পিটি; ধুমধাম কৰি; বৰকৈ
excessively
- দগৰীয়াAdjective
মাৰ খাই ফুৰা, গতিকে বৰ দুষ্ট
very wicked
- দঙাdaṅāTransitive verb
আনৰ হতুবাই তোলা বা থিয় কৰা; . কৱদ
to cause to be lifted or raised
- দঙা-মুঠীয়াকৈdaṅā-muṭhīẏākaiAdverb
লগত অধিক বস্ত্ত নোলোবাকৈ; শুদা গাৰে; বেগাই (কোনো ঠাইলৈ যোবা)
wihtout being encumbered with luggage
- দজজাMaterial Noun
কোনো ঘৰৰ প্ৰৱেশ পথত থকা মেলিব আৰু জপাব পৰা কোনো সঁজুলি ৷
A movable structure used to close off an entrance, typically consisting of a panel that swings on hinges or that slides or rotates.
- দজজিCommon Noun
যি কাপোৰ চিলাই পেট পবৰ্তায়৷
one whose occupation is sewing clothes
- দজ্জালdajjālaAdjective
দুৰ্দ্দান্ত; দুষ্ট।
- দঞিপলProper Noun
মিছিং, নিছি, আপাতানি আদি জনগোষ্ঠীয় বিশ্বাস অনুসৰি সূৰ্য আৰু চন্দ্ৰ দেৱতা
the sun and the moon that are the religious gods for the tribes like Mising, Nisi, Apatani etc.
- দণ্ডNoun
শাস্তি
penalty; punishement
- দণ্ড দেdon.do deVerb-Trans.
শাস্তি বিধান কৰ্ অৰ্থাত্ দোষ বা অপৰাধৰ বাবে উপযুক্ত শাস্তি নিৰ্দ্ধাৰণ কৰ্
to inflict a penalty for (an offense, fault, etc.)