কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থাপৰthāparaNoun
চাপৰ; থলামুৰি
a pot
- থাপৰ মাৰ্thapor marVerb-Trans.
খোলা হাতেৰে কাৰোবাৰ গালত বা পিঠিত মৰা, একেদৰে কোনোবা বস্তুত আঘাত কৰা
to strike somebody on the face or at the back with the flat part of the hand, to hit something in similar way
- থাপৰিVerb-Intran.
হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ
to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval
- থামthamMaterial Noun
এক ওখ উলম্ব গাঁথনি
a supporting vertical structure
- থাম্thāmIntransitive verb
গতি বন্ধ কৰ্; লৰচৰ নোহোবা হ
stop
- থালthālaNoun
ধাতু বা শিল আদিৰে সজা বহল চেপেটা ঘূৰণীয়া পাত্ৰ
a tray, platter or plate
- থালিtha.liMaterial Noun
ভাত বা সেইজাতীয় খাদ্য খাবলৈ ব্যৱহাৰ কৰা এবিধ চেপেটা বাচন ৷
A flat utensil used to serve food.
- থালীthālīNoun
বৰ ডাঙৰ চক বা মাটিৰ পাক-পাত্ৰ
a large earthen cooking vessel
- থাহ্thahVerb-Trans.
খুতুৰা খুতুৰা কৰ্; ডোখৰ ডোখৰ কৰ্; খণ্ড খণ্ড কৰি কাট্৷টুকুৰা টুকুৰ কৰ।
to cut into small pieces.
- থাৰগাইthāragāiNoun
থুৰীয়া ধৰা গাই; লগত পোবালি নথকা গাই।
- থাৰুthāruAdjective
পোন
straight
- থাৰ্মমিটাৰthārmamiṭāraNoun
জ্বৰ জোখা বা তাপমান যন্ত্ৰ।
thermometer
- থাৱৰtha.worProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- থাৱৰ্tha.worProper Adj.
যিটো নিশ্চয়কৈ হ’ব; বিশ্বাসযোগ্যতা, স্বভাৱ, ক্ৰিয়া আদি সম্পৰ্কে কোনো সন্দেহ নথকা
destined to happen; free from doubt as to the reliability, character, action, etc., of something
- থিআ নামAbstract Noun
অসমীয়া পৰিৱেশ্য কলা৷ থিয়ই থিয়ই পৰিৱেষণ কৰা বৈষ্ণৱী নাম প্ৰসংগ৷
An Assamese musical artform. It is a performing art.
- থিউগেৰিthiugeriNoun
নৰিয়া মানুহৰ চিয়ঁৰ
painful scream of a man in pain
- থিকthikaIntransitive verb
থিতি কৰে; থাকে; যেনে-"ষোহি থিক নিজানন্দ সুখে। সো হৰি লবনু মাগয় কোন দুখে" (বৰগীত)।
- থিতthitaNoun
অবস্হান।
- থিতাতেAdverb
ঠাইতে; থকা ঠাইতে; ততালিকে; তেতিয়াই
on the spot; immediately
- থিতাদহেAdverb
তত্ক্ষণাৎ; থিতাতে; ততালিকে
immediately; directly