কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তত্ত্বকথাNoun
আচল বা সত্য সম্ভেদ; যেনে-"এতেক কপট ছাড়ি কহ তত্ত্বকথা" (শকুন্তলা-কাব্য)
the inward truth
- তত্ত্বকাৰ দৰ্শন
শাস্ত্ৰ জনা মানুহ
one who is well versed in philosophy
- তত্ত্বগতProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- তত্ত্বগধুৰtot.wo.go.dhurProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- তত্ত্বজ্ঞtattbajñaNoun
দাৰ্শনিক
a philosopher
- তত্ত্বজ্ঞানীNoun
পৰমাৰ্থ জনা মানুহ
one having knowledge of divine truth
- তত্ত্বদৰ্শীtot.wo.dor.xiProper Adj.
যাৰ ঈশ্বৰ আৰু পৰমাৰ্থৰ ওপৰত জ্ঞান আছে ৷
one who has knowledge about God or realits or truth.
- তত্ত্ববিদtattbabidaNoun
দাৰ্শনিক
a philosopher
- তত্ত্ববিদ্যাগতProper Adj.
ইটো অস্তিত্বৰ সত্তা অধ্যয়ন কৰা আধ্যাত্মিকতাবিজ্ঞানৰ ক্ষেত্ৰখনৰ সৈতে জড়িত৷
This pertains to the field of metaphysics which studies the essence of existence.
- তত্ত্বান্বেষীtot.wa.ne.xiCommon Noun
যি প্ৰকৃত জ্ঞান বা সত্যৰ সন্ধানত থাকে ৷
one who searches for truth, knowledge or reality.
- তত্ত্বাবধানtattbābadhānaNoun
অধ্যক্ষতা; কোনো বিষয়ৰ ভাল বেয়া অবস্হা চাই থকা কাৰ্য্য; সাবধানতা লোবা কাৰ্য্য
a looking after
- তত্ত্বাবধায়কtattbābadhāẏakaNoun
যি তত্ত্বাবধান লয়।
- তত্ত্বাৰ্থAbstract Noun
কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক
The basic cause, source, or origin of something
- তত্ত্বাৱধানtot.ta.wo.dhanVerbal Noun
কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷
to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc.
- তত্ত্বাৱধান লtot.ta.wo.dhan loVerb-Trans.
কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷
to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc.
- তত্ত্বাৱধায়কtot.ta.wo.dha.yokCommon Noun
হোষ্টেলৰ ছাত্ৰসকলৰ তত্ত্বাবধান কৰিবৰ কাৰণে নিয়োগ কৰা বিশেষ ব্যক্তি ৷
a person appointed to supervise students in hostels.
- তত্ত্বীয়to.twi.yoProper Adj.
তত্ত্বৰ সৈতে জড়িত; কোনো বিষয়ৰ (বুনিয়াদ বা ভেটী নিৰ্ভৰ কৰা) ধাৰণা,নীতি বা সূত্ৰৰ সৈতে জড়িত কলনভিত্ত্বিক বা গণনাৰ সহায়েৰে নিৰ্গত চিন্তা-চৰ্চা৷ ব্যৱহাৰিক পৰীক্ষা নিৰীক্ষাৰ সৈতে বৰ জড়িত নহয়৷
concerned with theory; concerned with the ideas and/or principles on which a particular subject is based, rather than with practice and experiment, e.g. theoretical physics.
- তত্বtot.woAbstract Noun
এতিয়ালৈকে সত্য প্ৰমাণিত নোহোৱা কোনো প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আগবঢ়োৱা ধাৰণা বা ব্যাখ্যা৷
an idea or explanation of a natural phenomena, which has not yet been proved to be correct .
- তত্বাৱধানtot.ta.wo.dhanAbstract Noun
কোনো যন্ত্ৰ, ঘৰ আদি ভালকৈ ৰাখিবৰ বাবে লোৱা প্ৰতিপালন ব্যৱস্থা
Support, upkeeping a machine, a house etc. in good order
- তত্বাৱধায়কtot.ta.bo.dha.yokCommon Noun
কোনো ঘৰ, কাৰ্য্যলয়, স্কুল বা অন্যান্য অনুষ্ঠানৰ পৰিচালনা কৰা ব্যক্তি ৷
a person employed in an apartment house, office building, school, etc., to clean the public areas, remove garbage, and do minor repairs