কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছলাহso.lahAbstract Noun
কোনো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ দুই বা ততোধিক পক্ষৰ মাজত হোৱা গোপন বুজাবুজি।
A secret agreement between two or more parties for a fraudulent, illegal, or deceitful purpose.
- ছলাহ মাৰ্
বঞ্চনা কৰ
to deceive
- ছলাহ-মলাহ
ফাকি-ফুকা
fraud; trick
- ছলাহীAdjective
বঞ্চক
deceitful
- ছলিchaliNoun
শিশু; ল'ৰা-ছোবালী
a child
- ছলি কন্দা
কান্দনি-কলাই।
- ছলি হেনso.li henProper Adj.
শিশুৰ বা শিশু অৱস্থাৰ সৈতে মিলা বা খাপ খোৱা
resembling, suggesting, or appropriate to a child or childhood
- ছলি-পলিso.li-po.liCommon Noun
ল’ৰা বা ছোৱালী
people between birth and full growth
- ছলিধৰীয়াAdjective
ল'ৰা-মাইকী
having a child to take care of
- ছলীয়াAdjective
ল'ৰামতীয়া
child-like
- ছলে বলে কৌশলেso.le bo.le kou.xo.leAdverb
যিকোনো উপায় বা পন্থা অৱলম্বন কৰি
in any way; by whatever way necessary
- ছলে-বলেchale-baleAdverb
যেনে তেনে; যি কোনো উপায়েৰে
by any means; by hook or crook
- ছলে-বলে-কৌশলেchale-bale-kauśaleAdverb
যেনে তেনে; যি কোনো উপায়েৰে
by any means; by hook or crook
- ছশমাsos.maMaterial Noun
দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
A pair of magnifying glasses used as viewing aid
- ছহchahaNoun
প্ৰলোভন; কোনো কাৰ্য্যত সম্মতি কৰাবলৈ দিয়া মিছা আশা
false hope held out to induce one to do a certain act
- ছহ দি
মান্তি কৰিবৰ নিমিত্তে প্ৰলোভন বা মিছা আশা দি।
- ছহলchahalaAdjective
সুগম; যেনে-"চহল বাট"; ; বেয়া বিধৰ; যেনে-"চহল কাপোৰ"
easy ; of inferior quality
- ছহিছchahichaNoun
ঘোঁৰাৰ আল-পৈচান কৰোঁতা
a horse-groom
- ছহিদchahidaNoun
ধৰ্ম্মযুদ্ধত নিহত হোবা ব্যক্তি।
- ছহৰchaharaNoun
নগৰৰ বাজে আন বসতিৰ ঠাই; গাঁও
village