কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইছাদichādaNoun
সাক্ষী
witness
- ইছান-নৰিছichāna-narichaNoun
যি কাকতত সাক্ষীৰ নাম লিখি দিয়ে; সাক্ষীৰ লিস্টি বা তালিকা লিখি দিওঁতা
one who prepares a list of witnesses
- ইছাৰাichārāNoun
ইঙ্গিত; ঠাৰ; গোপনে দিয়া অনুমতি
a wink; a gesture; a sign; a hint
- ইছুichuNoun
কোনো বিবাদ বা ওজৰ নিষ্পত্তি কৰিবৰ নিমিত্তে মীমাংসা কৰি খিৰ কৰিব লগীয়া কথা।
issue
- ইছু-ধাৰ্যichu-dhāryaNoun
বিবাদৰ বিচাৰ কৰিব লগীয়া বিষয়ৰ নিৰুপণ বা মীমাংসা
settlement of issue
- ইছু-ধাৰ্য্যichu-dhāryyaNoun
বিবাদৰ বিচাৰ কৰিব লগীয়া বিষয়ৰ নিৰুপণ বা মীমাংসা
settlement of issue
- ইজন-সিজনকi.jon-xi.jo.nokPronoun
কোনো কোনো ব্যক্তিক
this or that person, i.e. randomly to some persons
- ইজন-সিজনৰi.jon-xi.jo.norPronoun
এইজন বা আন এজন অৰ্থাৎ যিকোনো লোকৰ
of this or that person
- ইজাijāNoun
ইছাপৰ বহীৰ এপাতৰপৰাআন পাতলৈ নিয়া মুঠ অঙ্ক [যি পাতৰ হিছাপ শেষ হয়, তাৰ মুঠ লৈ পাতৰ তলত লিখিলে ইজা বোলে; আৰু আন পাতৰ ওপৰত সেই অঙ্কটো নি লিখিলে জেৰ বোলে]
the figures brought forward to the next page
- ইজাফাi.ja.phaAbstract Noun
এটাতকৈ আনটোৰ বাঢ়ি থকা পৰিমাণ বা পূৰ্ব-নিৰ্দ্ধাৰিত সীমা।
amount by which one thing exceeds another or the predefined limit.
- ইজাল-বিজালijāla-bijālaNoun
ফটুবা কথা; পাতল ভাবৰ কথা; আচল কথা এৰি আন কথা
quibble
- ইজাল-বিজাল গা
to quibble
- ইজাৰijāraNoun
ঢিলা ঠেঙা; পায়জামা
loose trouser or breeches
- ইজাৰদাৰijāradāraNoun
মাটি বন্দবস্তিলৈ লোবা খেতিয়ক
a lease holder
- ইজাৰাদাৰi.ja.ra.darCommon Noun
যি কোনো শস্য বা উদ্ভিদৰ খেতি কৰে।
someone concerned with the science or art or business of cultivating or growing a specific plant.
- ইজিপ্তi.jiptProper Noun
উত্তৰ আফ্ৰিকাত অৱস্থিত এখন সুপ্ৰাচীন স্বাধীন ৰাষ্ট্ৰ
an ancient independent country of North Africa
- ইজেলi.jelAbstract Noun
কোনো কলাৰ আধাৰ ৰূপে ব্যৱহাৰ কৰিব পৰা বস্তু (যেনেঃ চিত্ৰশিল্পীৰ কেনভাচ্)
a frame for supporting something (as an artist's canvas)
- ইজ্জত্ij.jotAbstract Noun
প্ৰশংসাসূচক এক বিশিষ্ট অনুভূতি, য’ত কাৰোবাক এক অতি উচ্চ আসনত ৰখা হয়
A feeling of appreciative, often deferential regard
- ইজ্জৎijjatNoun
মান; সম্ভ্ৰম; আবুৰ; ছৰমত
respect; honour
- ইজ্যাi.jyaAbstract Noun
অগ্নি বা জুইৰ দেৱতাক উপাসনা কৰা আৰু আহুতি দিয়াৰ হিন্দু প্ৰথা।
The Hindu ritual of praying and offering to the Agni or The Fire God.