কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- 'টাইNoun
চোবাঁ।
- -আবলী-ābalīNoun
শ্ৰেণী; শাৰী; মালা
a series; a row
- -ইত-itaNoun
"যুক্ত" অৰ্থত ব্যাকৰণৰ প্ৰত্যয়; যেনে-পাল+ইত=পালিত (প্ৰকৱততে "ণিচ্ + ক্ত")
a grammatical suffix
- -ওo``Adposition
আগেয়ে কোৱাখিনিৰ উপৰিও
in addition to what is already stated before
- -কুৰি-kuriNoun
চুবুৰি; গাঁও বা কোনো ঠাইৰ এক খণ্ড; (সদায় আন নামৰ পাছত থাকে); যেনে-"মাজকুৰি; কাকতীকুৰি"
a part of division of a village
- -কৈ-kaiNoun
কবিতাৰ লবজ; যেনে-"জহাকৈ চাউলৰঃ গেলাকৈ পইতাঃ কঁকিলা মাছৰে ভজা" (মণি-কোঁবৰ)।
- -খন্তক-khantakaNoun
ক্ষণ বা মূহূৰ্ত্ততে অন্ত হোবা সময়; অলপ বেলি [ই প্ৰায় এ-(এক) শব্দৰ পাছত ব্যবহাৰ হয়]; খন্তেক; যেনে-"এখন্তক"
a moment
- -খানা-khānāNoun
ঠাই [আন শব্দৰ পাছত যোগ হৈ চাক অৰ্থ বুজায়; যেনে-ছাপাখানা, মালখানা]
a place
- -খুজীয়া-khujīẏāNoun
খোজ বা ভৰিৰ তলুবাৰ নিচিনা; যেনে -"হাতী-খুজীয়া আলু"
resembling a footprint
- -ঘাতীNoun
[সং.] বধী; নাশ কৰোঁতা; বধ কৰা মানুহ; যেনে-"আত্ম-ঘাতী"
a killer
- -চিপ-cipaNoun
-বাৰ; বল; যেনে-"ইহাক সমুখে তইঃ ৰখখান ডাক মোৰঃ এহে সমে যুজোঁ এফচিপ" (বিৰাট-পৰ্ব্ব)।
- -জনা-janāNoun
মান্য অৰ্থত সংখ্যা শব্দ বা বিশেষ্য শব্দৰ পাছত ব্যবহৱত প্ৰত্যয়
a suffix used to express respectability
- -জনী-janīNoun
মানুহ বা জন্ত্তৰ মাইকী; ই পুংলিঙ্গৰ পাছত থাকি স্ত্ৰীলিঙ্গ বুজায়; যেনে-"মানুহজনী"; আৰু শব্দৰ পাছত থাকিও বিশেষ্যৰ স্ত্ৰীলিঙ্গ বুজায়; যেনে-"দুজনী মানুহ"
a female
- -তলি-taliNoun
খেতি কৰা মাটি (যি শস্যৰ খেতি হয় তাৰ নামৰ পাছত থাকে); যেনে-"আহু-তলি"
land where a crop is cultivated
- -ত্ৰয়-traẏaNoun
তিনি (সমাসৰ দ্বাৰা বিশেষ্য শব্দৰ পাছত যোগ কৰা হয়)
three
- -তৰ-taraNoun
ব্যাকৰণত গুণৰ তুলনা কৰোঁতে বিশেষণৰ পাছত ব্যবহাৰ কৰা তদ্ধিত প্ৰত্যয়; অতি উত্তম বুজাবলৈ হ'লে-তম ব্যবহাৰ হয়
a suffix used to denote the comparative degree
- -দিয়া-diẏāNoun
চাপৰি, যেনে-হৰিদিয়া, ৰামদিয়া।
- -নামা-nāmāNoun
পত্ৰ-লিখন, যেনে-ওকালত-নামা।
- -নাশী-nāśīNoun
নাশ কৰা পুৰুষ (আন শব্দৰ পাছত ব্যবহাৰ হয়)
a destroyer
- -নিকাম-nikāmaNoun
নিষ্কাম কৰ্ম।