কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- -খোৰ-khoraAdjective
যি খায়; আসক্ত; প্ৰিয় (নিন্দাৰ্থত); . যেনে-হাৰামখোৰ, গাজা-খোৰ।
one who eats; addicted to
- -গধুৰা-gadhurāAdjective
টোপনি গধুৰ বা বৰ বেছি যাৰ; বৰকৈ শোবা বা টোপনি যোবা
sleepy; given too much to sleeping
- -গামী-gāmīAdjective
স্হিত; যেনে-"মাতৱ-কোল-গামীঃ তুলিলন্ত হামি" (গুণমালা)।
- -ঘাতীNoun
[সং.] বধী; নাশ কৰোঁতা; বধ কৰা মানুহ; যেনে-"আত্ম-ঘাতী"
a killer
- -চনীয়া-canīẏāAdjective
-বছৰীয়া; কোনো নিৰ্দ্ধাৰিত বছৰলৈ লোবা (ই অন্য শব্দৰ পাছত থাকে।); যেনে-"দহ-চনীয়া বন্দোবস্ত"; "একচনীয়া পট্টা"
relating to or settled for a certain number of years
- -চানেকীয়া-cānekīẏāAdjective
দেখা; নিচিনা; সদৱশ; -লেখীয়া; যেনে-"বগ- চানেকীয়া
looking or appearing like; resembling; similar
- -চেৰেক-cerekaAdjective
-চাৰেক।
- -ছনীয়া-chanīẏāAdjective
-বছৰীয়া; কোনো নিৰ্দ্ধাৰিত বছৰলৈ লোবা (ই অন্য শব্দৰ পাছত থাকে।); যেনে-"দহ-চনীয়া বন্দোবস্ত"; "একচনীয়া পট্টা"
relating to or settled for a certain number of years
- -জনীয়া-janīẏāAdjective
লোকৰ সম্পৰ্ক থকা (সংখ্যা শব্দৰ পাছত থাকে); যেনে-"চাৰি-জনীয়া কথা; বাৰ-জনীয়া"
pertaining to a person
- -দঁতীয়া-dam̐tīẏāAdjective
পিয়াহ খোবা দাঁত ভাগি নকৈ দাঁত গজা (আন এটা শব্দৰ পাছত থাকে); যেনে-"গৰুটো চাৰি-দঁতীয়া হৈছে"
having new teeth in place of the first teeth
- -দিনীয়া-dinīẏāAdjective
দিনৰ পৰিমাণৰ; কলীয়া (আন শব্দৰ পাছত ব্যবহাৰ হয়) দিন বা কাল সম্পৰ্কীয়
equal to a day; pertaining to a certain day or time
- -নিভ-nibhaAdjective
সদৱশ; তুল্য; যেনে-"নালমণি নিভ তনু এ জগ- জীবন" (বৰগীত)।
- -নিষ্ঠ-niṣṭhaAdjective
নিষ্ঠা বা শ্ৰদ্ধাযুক্ত (অন্য শব্দৰ পাছত থাকে); যেনে-"জ্ঞাননিষ্ঠ হুয়া সবে এৰিবা বিষয়" (কীৰ্ত্তন)
- -পতীয়া-patīẏāAdjective
পাত থকা; পাতৰ নিচিনা; যেনে -"তিনিপতীয়া; বাঁহপতীয়া"
having leaves; resembling the leaves of
- -পন্থী-panthīAdjective
কোনো পন্থ বা ধৰ্ম্ম-সম্প্ৰদায়ত থকা; যেনে -"দামোদৰপন্থী মানুহ"
belonging to a particular religious sect
- -পেটা-peṭāAdjective
পেট থকা (আন শব্দৰ পাছত থাকে)
bellied
- -বছৰীয়াAdjective
বছৰ হোবা (কোনো এটা সংখ্যা বা 'কেইবা' শব্দৰ পাছত যুক্ত হয়)
passing a certain number of years
- -বাসী-bāsīAdjective
বাস কৰা (বিশেষ্য শব্দৰ পাছত যোগ হয়); যেনে-"ভাৰতবাসী"
dwelling in (use as the last member of a compound word)
- -ব্যাপী-byāpīAdjective
ব্যাপ্ত; বহু ঠাই জোৰা (ই বিশেষ্য শব্দৰ পাছত থাকে।); যেনে-দেশব্যাপী
extending widely
- -মতীয়া-matīẏāAdjective
চানেকীয়া; সদৱশ; নিচিনা (আন শব্দৰ পাছত থাকে); যেনে-"ল'ৰা-মতীয়া"
a suffix meaning like; resembling