কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চয়ন কৰ্so.yon korVerb-Trans.
নিজৰ ৰাগ-বিৰাগৰ ওপৰত ভিত্তি কৰি কোনো বস্তু বা কাৰোবাক নিৰ্বাচন কৰ্
to select one or more out of many according to one's taste and preferences
- চৰcaraNoun
নৈয়ে পতা ওখ মাটি; নৈৰ পাৰত ক্ৰমান্বয়ে মাটি গোট খাই ওখ হোবা ঠাই
high land formed by river by deposit of silt; alluvial land
- চৰ মাৰ্sor marVerb-Trans.
খোলা হাতেৰে কাৰোবাৰ গালত বা পিঠিত মৰা, একেদৰে কোনোবা বস্তুত আঘাত কৰা
to strike somebody on the face or at the back with the flat part of the hand, to hit something in similar way
- চৰখৰীয়াত পৰ্sor.kho.ri.yat porVerb-Intran.
অসুবিধা বা বিপদৰ সন্মুখীন হ
to get into difficulty or danger
- চৰচৰণি খাsor.so.ro.ni khaVerb-Intran.
ডিঙিত খোৱা বস্তু লাগি ধৰা বাবে অথবা শ্বাসনলীত গোটা বস্তু সোমোৱাৰ কাৰণে হঠাৎ কাহ উঠি কষ্ট পা।
to suffer from or as from strangling or suffocating due to entry of solid food particles into the windpipe.
- চৰম্caramIntransitive verb
শুকাই চোকোৰা সৰি নকৈ ছাল ধৰ্
to dry up or heal and form a new skin, as in the case of boils
- চৰহso.rohVerb-Trans.
ওঁঠেৰে চেপি ৰস খা
To draw (liquid) into the mouth by movements of the tongue and lips that create suction.
- চৰহ্carahTransitive verb
চুহি খা; ওঁঠেৰে চুহি বা চেপি ৰস খা; চোহ্
to suck
- চৰাcarāTransitive verb
এটা ধাতুৰ ওপৰত আন ধাতুৰ পানী লগাই ঢাক্; এটা ধাতুৰ পানী আন এটা বস্ত্তৰ ওপৰত লগা; য়েনে-"তামত ৰূপ চৰালে"
to cover with melted metal; to gild
- চৰাবতcarābataIntransitive verb
চৰায়; যেনে-"ধেনু চৰাবত ৰঙ্গে" (বৰগীত)
to graze
- চৰিত তোল্so.rit to`lVerb-Intran.
নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ সময়ত গুৰুসকলৰ জীৱন-চৰিত সম্পৰ্কে আলোচনা কৰ্
to discuss or narrate the life-story or biography of the `gurus` in the `namghar` during religious congregations
- চৰিতাৰ্থ কৰ্so.ri.tar.tho korVerb-Trans.
সঁচা হ বা বাস্তৱত দেখা পা (সপোন, কথা বা চিন্তা)।
to be fulfilled (as a dream, statement or thought).
- চৰিয়াcariẏāNoun
গুপ্তচৰ; গুপ্ত কথা বা বিষয় জানিবলৈ নিযুক্ত কৰা লোক
a spy; a secret informer
- চৰ্carIntransitive verb
ঘাঁহ খাই ফুৰ্
to graze
- চৰ্চ্carcTransitive verb
আগত নথকা মানুহৰ দুৰ্নাম কৰ্ বা অহিতে ক
to speak ill of one absent
- চৰ্চ্চcarccaTransitive verb
আগত নথকা মানুহৰ দুৰ্নাম কৰ্ বা অহিতে ক
to speak ill of one absent
- চৰ্চ্চা কৰ্sor.sa korVerb-Trans.
কোনো বিষয় সম্পৰ্কে গভীৰ আৰু বিশদভাৱে কথা পাত্
to talk seriously about sth in length
- চৰ্চ্চ্sorsVerb-Trans.
কোনো ব্যক্তিৰ অনুপস্থিতিত তেওঁৰ অহিতকাৰী কথা কোৱা
to speak ill of someone in his/her absence
- চৰ্চৰাIntransitive verb
তপত তেলত পানী পৰাৰ নিচিনা বা চোঁচৰাই নিয়া বস্ত্তৰ দৰে শব্দ কৰ্
to make a sound as water dropped on hot oil or anything dragged along the ground
- চৰ্ত্তহীনভাৱেsor.to.hin.bha.beAdverb
কোনো পূৰ্বচৰ্ত্ত নোহোৱাকৈ
without any precondition