← ফুৰি যাওক

চৰ

cara

অৰ্থ

1.

নৈয়ে পতা ওখ মাটি; নৈৰ পাৰত ক্ৰমান্বয়ে মাটি গোট খাই ওখ হোবা ঠাই

high land formed by river by deposit of silt; alluvial land

বি.

2.

থোকা; যেনে-"আলিপনে লিপিল বিচিত্ৰ যত স্হলী। চৰে সমে আছে পুতি তাম্বূল কদলী" (দশম)।

বি.

3.

গুপ্তদূত; যেনে-"চৰৰ বচন শুনি ৰাজা দুৰ্য্যোধন" (বিৰাট-পৰ্ব্ব)

a spy

বি.

4.

বাঢ়্; বৱদ্ধি হ

to increase

অক. ধা.

5.

আনতকৈ আক বাঢ়্

to excel or surpass others

অক. ধা.

6.

বেয়া কামত বৰকৈ বাঢ়্

to excel in wickedness

অক. ধা.

7.

লম্ভ্; দেবে ধৰ্; গাত বা ওপৰত উঠ্; যেনে-"কুবেৰ আসিল দেখা মানুষত চৰি" (ৰুক্মিণী-হৰণ)।

to possess, as an evil spirit; to mount

অক. ধা.

8.

অতি বেছি হৈ নাইকিয়া হ; মাৰ যা; যেনে-"ভোক চৰিল"

to abare after reaching the highest point or degree

অক. ধা.

9.

হাতৰ তলুবাৰে গালত কৰা আঘাত

a slap on the cheek

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৰ · অসমীয়া অভিধান