কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চেঁচেয়াProper Adj.
rough and low in pitch voice or behavior
- চেংচেঙীয়াAdjective
চেং চেং কৰা; বৰ তপত; পুৰিব পৰা তপত
very hot; burning
- চেক্চেকীcekcekīNoun
কোকলোঙা; কলাখাঁতী চৰাই
a kind of bird
- চেখৰাcekharāNoun
ডেকেৰুবা ওকণি
- চেঙাceṅāAdjective
বৰ তপত; পুৰি মৰা; যেনে-"চেঙা তেল"
very hot; burning
- চেঙেলীceṅelīAdjective
বেগাই বৰকৈ বাঢ়ি অহা (পানী)
rising rapidly (said of flood)
- চেঙেলীয়াceṅelīẏāAdjective
চেঙা বা তেজবজীয়া কিন্ত্ত কম বয়সীয়া (জন্ত্ত, মানুহ)
restless; active; not quiet or tame (as a yound man or any animal)
- চেঙেৰাceṅerāAdjective
ডেকাৰ স্বভাবৰ; চঞ্চল
youthful; restless
- চেঙ্গেৰাceṅgerāAdjective
ডেকাৰ স্বভাবৰ; চঞ্চল
youthful; restless
- চেতনAdjective
চৈতন্যযুক্ত; জীবন্ত
conscious; alive
- চেনাৰীAdjective
দুটা দলৰ প্ৰত্যেকৰ ভাল লগাবলৈ যত্ন কৰা; এটাইকে ভালৰি বোলাই ফুৰা
trying to please everyone
- চেনু পৰাAdjective
চেনূ ৰোগে খোবা।
- চেনেহীcenehīNoun
বৰ চেনেহৰ বা মৰম লগা মানুহ
a beloved person
- চেনেহুবাcenehubāAdjective
চেনেহ থকা; মৰমিয়াল; যেনে-"চেনেহুবা বাপেক"
affectionate
- চেনেহুৱাse.ne.hu.waProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- চেনেহৰse.ne.horProper Adj.
যাক ভাল পোৱা যায়৷
something that is loved
- চেপা মৰাAdjective
চেপেটা বা বৰকৈ ঠেক কৰা বা হোবা
compressed; narrowed
- চেপেটাcepeṭāAdjective
গোটা নোহোবা; ওপৰৰ ফাল সমান আৰু বহল
flat
- চেপেটা নকাse.pe.ta no.kaProper Adj.
আগ চুটি নাক থকা ব্যক্তি |
Having a blunt nose.
- চেপেটা-মুৱাse.pe.ta-mu.waProper Adj.
দেখাত চেপেটা যেন লগা মুখমণ্ডল যুক্ত।
having a flat-looking, distorted face.