কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘঁকেটাল্gham̐keṭālTransitive verb
কোনো কথা খঁচৰি বা ঘনে সোধ্; কোনো তুচ্ছ কাম ঘনে ঘনে কৰ্-"একেটা কাম বা কথাকেনো কিমান ঘেঁকেটালি থাক"
to ask about or do the same thing repeatedly to the extent of causing annoyance to others
- ঘঁহাTransitive verb
আনৰ দ্বাৰায় পিহা বা ঘৰ্ষণ কৰা
to cause to be rubbed
- ঘঁহিTransitive verb
বা চাঁচি কোনো বস্ত্ত নিচেই ওপৰৰ ছাল বা পাতল ভাগ গুচা; ঘঁহি মল গুচা
to rub; to scrape
- ঘঁহ্gham̐hTransitive verb
ঘৰ্ষণ কৰ্; পিহ্; মাজ্; সান
to rub; to scrub; grind
- ঘঁহ্gho~hVerb-Trans.
কোনো খহতা পিঠিত বলেৰে লাগ্ বা লগা
To apply pressure and friction to a surface
- ঘকৰ কৰেgho.kor. ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘকৰাইgho.ko.raiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘকৰাই, ঘকৰ কৰেghakarāi, ghakara, kareAdverb
অকস্মাত; হঠাৎ
suddenly
- ঘটং-মটংgho.tong-mo.tongAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- ঘটং-মটং কৰ্gho.tong-mo.tong korVerb-Intran.
ধাতুৱে ধাতুৱে খুন্দা খাই ডাঙৰ, কৰ্কষ শব্দ কৰ৷
to make sharp, loud sound when pieces of metal hit each other.
- ঘটকালিgho.to.kaliVerbal Noun
ঘটকৰ কাম অৰ্থাৎ দুঘৰৰ মাজত বিয়াৰ সমন্ধ ঘটোৱা কাম ৷
The act of arranging marriages by introducing possible mates
- ঘটনাক্ৰমেgho.to.na.kro.meAdverb
পূৰ্বপৰিকল্পনা নোহোৱাকৈ ঘটা
occuring without pre-planning
- ঘটাghaṭāTransitive verb
ঘটুবা; পৰাস্ত কৰা; হৰুবা
to defeat
- ঘটুবাghaṭubāTransitive verb
পৰাস্ত কৰ্; ঘটা; হৰুবা
to defeat
- ঘটুৱাgho.tu.waVerb-Trans.
যুদ্ধত বিজয়ী হ, বল বা কৌশলেৰে বশ কৰ্
To win victory over, to get the better of by force or strategy
- ঘট্ghaṭIntransitive verb
হৈ উঠ্; হৈ পৰ্; সিদ্ধ হ
to occur; to take place
- ঘণীভূত কৰ্gho.ni.bhu.to korVerb-Trans.
পানীৰ পৰিমাণ হ্ৰাস কৰি বেছি ঘন কৰা
to make less water and more viscous
- ঘণ্টা কোবাghaṇṭā, kobāIntransitive verb
(দুৰ্ব্বলতাৰ কাৰণে) ঢলং পলং কৰ্; অস্হিৰ হৈ খোজ কাঢ়্
to move or walk unsteadily
- ঘনকৈAdverb
ওচৰা-উচৰিকৈ
thickly; closely
- ঘনাghanāTransitive verb
ঘন কৰ্; ডাঠ কৰ্
to thicken