কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চca
ব্যঞ্জন বৰ্ণৰ ষষ্ঠ আখৰ
the sixth letter of the consonants
- চ'তca'taNoun
হিন্দুবিলাকৰ বছৰৰ শেষ মাহ
the last month of the Hindu year, commencing from middle of March to middle of April
- চ'ৰাca'rāNoun
বাহিৰৰ বহা ঘৰ
an outer house for sitting and receiving visitors
- চ'ৰা-ঘৰca'rā-gharaNoun
বাহিৰৰ বহা ঘৰ
an outer house for sitting and receiving visitors
- চ'ৰা-নাওca'rā-nāoNoun
আহোম ৰজাৰ দিনৰ ৰজা উঠি ধেমালি কৰা বৰ ওখ টিঙৰ নাও
the state barge of an Ahom king
- চ'ৰাৰ ছয় ফুকনca'rāra, chaẏa, phukanaNoun
আহোম ৰজাৰ দিনৰ এটা বিচাৰৰ মেল [ইয়াত ছজন ফুকন বহি গোচৰ বিচাৰ কৰিছিল]
a court of justice during the Ahom Raja's time
- চ'ৰুবা বিষয়াca'rubā, biṣaẏāNoun
ৰজাৰ চ'ৰাত বহি মেল সুধিবলৈ ক্ষমতা পোবা বিষয়া।
- চ`ৰা নাওMaterial Noun
তৰাং পানীত চলোৱা টেপেটা তলিৰ ডাঙৰ নাও
a flat-bottomed boat for use in shallow water
- চঁকcam̐kaNoun
অকস্মাৎ পোবা ভয়; উচাপ
sudden start or terror
- চঁছালিcam̐chāliNoun
চঁচা কামী জৰীৰে গুঁঠি কৰা আসন, বেৰ, চাল আদি
long strips of bamboo strung together, to use as a wall covering etc.
- চঁপাcam̐pāNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে এবিধ ঘৰ ওখ-ডাঙৰ গছ [ইয়াৰ দহ-বাৰবিধ আছে; তাৰ ভিতৰতে এই কেইজাতি প্ৰধান; যেনে-খৰিকা-চঁপা ; গাছৰি- চঁপা ; তিতা-চঁপা ; পাণ-চঁপা ; ফুল- চঁপা ; বৰচঁপা, চঁপাফুল।]।
(Talauma phellocarpa) ; (Nyssa sessilliflora) ; (Talauma phellocarpa, vara) ; (Magnolia griffithssii or Michelia champaka) ; (magnolia insignis or Michelia oblonga)
- চঁপা-পতীয়া মুগাcam̐pā-patīẏā, mugāNoun
পাণ-চঁপা গছৰ পাতত চোমপতীয়া মুগা [ইয়াৰ সূতা প্ৰায় পাটৰ সূতাৰ নিচিনা বগা আৰু বৰ টান আৰু চক্চকীয়া।]
muga silk worm reared on the leaves of pān chapā tree; Antheræa magnolia
- চঁপা-ফুলcam̐pā-phulaNoun
অলপ বহল দীঘল আৰু গাত নোম থকা পাতেৰে এবিধ মজলীয়া আকাৰৰ গছ [ই ফুল-চঁপাৰ ফুলৰ আকৱতিৰ অলপ হালধীয়া উগ্ৰগন্ধী ফুল মেলে।]
a kind of yellow fragrant flower; Michelia champaka, var
- চঁহাcam̐hāNoun
কোনো বস্ত্তৰ গাৰ ওপৰৰপৰা এৰাই পৰা চলি বা পাতল খণ্ড
a thin piece flaking off
- চঁড়ালcam̐ṛālaNoun
হিন্দুৰ এটা জাতি
a caste of Hindus
- চঁৰালcam̐rālaNoun
হিন্দুৰ এটা জাতি
a caste of Hindus
- চংcamNoun
মূৰৰ চুলিৰ লগত বান্ধি খোপা ডাঙৰ দেখুবাবলৈ বান্ধি লোবা ছিগা চুলি বা সেই নিচিনা বস্ত্তৰ মুঠি; চুলি-চং
false hair
- চকcakaNoun
গোটা গাৰুৰ দুই মূৰে লগোবা ঘূৰণীয়া আৰু ফুল বচা তল; গাৰু-চক
the embroidered end of round pillow
- চক-ঢৰাcaka-ḍharāNoun
দাঁতিত বাওৰে বন্ধা ঘূৰণীয়া বহা ঢাৰি; মেৰ-ঢৰা
a round sitting mat
- চক-পেঞ্চিলsok-pen.silMaterial Noun
ব্লেকব’ৰ্ডত লিখিবলৈ ব্যৱহাৰ কৰা বগা মাটিৰ পদাৰ্থ
a soft, white, powdery limestone consisting chiefly of fossil shells of foraminifers which is often used for marking, as a blackboard crayon