কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাটবিহুphat.bi.huAbstract Noun
ফাটবিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ `ফাট` ম`হঘূলি চাপৰিত ষোল্ল শতিকাৰ পৰাই অনুষ্ঠিত হৈ অহা বিহু৷ আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে নৈৰ পাৰৰ একোডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল৷ উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ফাট বা হাট বহিছিল আৰু কৰ-কাটল লোৱা হৈছিল৷
A festival of Assam clebrated in Dhakuakhan area of Lakhimpur distric.
- ফাটমাৰা বেপাৰীphat.ma.ra be.pa.riCommon Noun
দেশৰ বাহিৰলৈ কোনো বস্তু বেআইনী ভাবে অনা কৰি ব্যৱসায় কৰা লোক৷
a person who takes goods into or out of a country illegally.
- ফাটেকpha.tekMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- ফাটেকিয়ালpha.te.kiyalCommon Noun
বন্দীশালত আটক কৰি ৰখা মানুহ
Person taken into custody and kept in prison
- ফাটোবালphāṭobālaNoun
বেপাৰীৰ ৰাজহ তোলোঁতা
one who collects duties upon trade
- ফাডাৰCommon Noun
খ্ৰীষ্টধৰ্মৰ গীৰ্জাঘৰৰ পাদুৰি, এজন সন্মানীয় কাৰ্যকৰ্তা৷
a title of reverence, as for church dignitaries.
- ফানphānaNoun
জন্ত্তৰ নেজৰ মূৰত থকা দীঘল চুলি বা চুলিৰ কোছা
tuft of hair at the end of the tail of an animal; a hair of that tuft
- ফানটিphan.tiMaterial Noun
ৰছী বা ফিটাৰ সহায়ত ভৰিত পিন্ধা, ওপৰৰ ফালে খোলা এবিধ জোতা।
a shoe with a sole and worn with the help of strings or thongs attached to it.
- ফানতিphānatiNoun
ফন্তা।
- ফানুচphānucaNoun
বেলোলৰ চাকি লগোবা সঁজুলি; বেলোলৰ আবৰণ
the chimney or shade of a lamp
- ফানুছphānuchaNoun
বেলোলৰ চাকি লগোবা সঁজুলি; বেলোলৰ আবৰণ
the chimney or shade of a lamp
- ফান্দphāndaNoun
পহুৰবা চৰাই ধৰা যতন
a trap
- ফান্দনিphāndaniNoun
কলাফুলৰ তল আৰু ভৰৰ গেৰোবাৰ ওপৰৰ ভাগ
the lower part of the calf; Tendo-achillis
- ফান্দীphāndīNoun
ফান্দ পেলাই বনৰীয়া হাতী ধৰোঁতা
one who nooses a wild elephant; an elephant catcher
- ফান্দোবালphāndobālaNoun
ফান্দী; যেনে-"গুণি চোবা মন তুমি এড়াইবা কমনে। ফান্দোবাল গোবিন্দৰ ধৰিয়ো চৰণে" (বৰগীত)।
- ফাপৰphāparaNoun
জন্ত্তৰ মাখি-ছাল ছিগি নোম সৰা বেমাৰ
scurf or mange
- ফাপৰী-ধানphāparī-dhānaNoun
গুণি-ধান।
- ফালphālaNoun
নাঙলৰ মুখত লগোবা চেপেটা লো বা বাঁহৰ ছটা, যাৰে মাটি ফলা বা চাহ কৰা যায়
a ploughshare
- ফালনVerbal Noun
ফলা কাৰ্য্য; বল প্ৰয়োগ কৰি ভেদ বা বিদীৰ্ণ কৰা কাৰ্য্য
the act of separating into pieces by pulling apart
- ফালাপpha.lapMaterial Noun
উতলা পানীত চাহগছৰ শুকান পাতৰ গুৰি তিয়াই প্ৰস্তুত কৰা আৰু গৰম বা ঠাণ্ডা অৱস্থাত পৰিৱেশন কৰা এবিধ দেহাক সজীৱতা প্ৰদান কৰিব পৰা পানীয়
a refreshing drink served cold or hot, prepared from a liquor extracted by infusing the dried leaves of tea plant in boiling water.