কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খঁকুবাAdjective
খঁকে ধৰা; বৰ ভুকীয়া; সৰহকৈ খাবলৈ বিচৰা; খাওঁ খাওঁ কৰা (নিন্দাৰ্থত)
gluttonous; greedy; voracious
- খঁকুৱাkho~kuwaProper Adj.
প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
immoderately desirous of acquiring wealth, wanting to eat more than enough.
- খঁৰাkham̐rāAdjective
আগ নথকা; আগ কটা
having the top cut short; without the top
- খঁৰা-নকাkho~.ra-no.kaProper Adj.
আগ চুটি নাক থকা ব্যক্তি |
Having a blunt nose.
- খঁৰা-মকাkham̐rā-makāAdjective
চুটি নাক থকা
śnub-nosed
- খঁৰা-মূৰাkham̐rā-mūrāAdjective
আগ-গুৰি কটা বা নথকা
having both ends cut off
- খং-মুবাAdjective
খং-যুক্ত বা খঙাল মুখ যাৰ; অসন্তোষ-প্ৰকাশক মুখ যাৰ
angry look; displeased appearance
- খকুৱাkho.kuaProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.
- খখৈয়াkhakhaiẏāAdjective
শিলিখা, আমলখি আদি চোবাই পৰিষ্কাৰ কৰা (মুখ); ফৰ্ফৰীয়া
clean; tasteful
- খঙালkhaṅālaAdjective
খংযুক্ত; অলপতে বা স্বভাবতে খং উঠা; স্বভাবতে ক্ৰোধী
of an angry or ill temper
- খঙ্গালkhaṅgālaAdjective
খংযুক্ত; অলপতে বা স্বভাবতে খং উঠা; স্বভাবতে ক্ৰোধী
of an angry or ill temper
- খচ খচীয়াAdjective
মোহাৰিলে বালিৰ দৰে লগা, গতিকে মিহি হৈ গুড়ি নোহোবা; খৰচীয়া
not finely powdered
- খচকনিNoun; Adjective
খচকা।
- খচখচীয়াkhos.kho.siaProper Adj.
অতি মিহিকৈ গুড়ি কৰা (গোটা পদাৰ্থ)
ground into minute granules
- খচাAdjective; Adverb
খচি খচি
excessively
- খচাkhacāTransitive verb
আনৰ হতুবাই মোহৰাই-পিটিকাই মিহলি কৰা; গৰকা; গচকা
to cause to be crushed, kneaded or trampled
- খচিতkhacitaAdjective
খটোবা; যুক্ত; লগোবা; যেনে-"মাণিক-খচিত শুদ্ধ সুবৰ্ণৰ কাম" (মা. ক., অৰণ্যকাণ্ড)
studded; inlaid
- খচ্চাkhaccāAdjective
গাঁঠি লগা; টান
knotty as a lie
- খচৰ খচৰAdjective
যেনে-"তাই ভিতৰৰপৰা খচৰ্ খচৰ্ মাত লগাই আছে।"
- খজাkhajāAdjective
পকিলেও টান হৈ থকা; ঠেৰেহা; পকি কোমল বা গলিয়ন নোহোবা
ripe but not soft; imperfectly or partially ripe