কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সোপামৰাAdjective
যেনে-"সোপামৰা কাম"।
- সোপোকাsopokāAdjective
সোপাৰ নিচিনা কোমল বা ঢিলা; টিপিলে বা আঘাত কৰিলে নেভাগি-নিছিগি বহি যোবা
yielding to pressure; fibrous; elastic
- সোপোকো-সোপোকxo`.po`.ka-xo`.po`kProper Adj.
বোকাৰ দৰে কোমল আৰু সোপোকা।
of or like the consistency of paste or mud.
- সোপোৰাsoporāAdjective
টোটোৰা; শোটোৰা পৰা; নীৰস হৈ ভিতৰ খালি হোবা
wrinkled; shrivelled; contracted
- সোপোৰা-সোপোৰAdjective
শোটোৰা-শোটোৰ; টোটোৰা পৰা
shrunken and shrivelled; covered with wrinkles
- সোবাদsobādaNoun
জুতি; আস্বাদ; জিভাৰে অনুভব কৰিব পৰা গুণ
taste; flavour
- সোমবৰীয়াxo’m.bo.ri.yaAdjective Adj.
কেৱল সোমবাৰে হোৱা বা ওলোৱা ৷ যেনেঃ সোমবৰীয়া বজাৰ/ আলোচনী৷
something that happens or occurs only on Mondays.
- সোলকাsolakāTransitive verb
বান্ধ মুকলি কৰ্; বান্ধোন গুচা; গাঁঠি মেল্
to untie; to loose
- সোলাsolāAdjective
দাঁত নথকা; দাঁত-সৰা; লপা
toothless
- সোলোক- ঢোলোকAdjective
ভালকৈ বান্ধ নোখোবা; ঢিলা; লোলা; টান হৈ খাই নপৰা; লৰক- ফৰক
loose; not right; shaky
- সোলোক-ঢোলোকxo’.lo’k-dho’.lokProper Adj.
টানকৈ ধৰি বা বান্ধি নোথোৱা
Not tightly held or fixed, etc.
- সোলোকাsolokāTransitive verb
বান্ধ মুকলি কৰ্; বান্ধোন গুচা; গাঁঠি মেল্
to untie; to loose
- সোৰাsorāAdjective
ধাৰ পৰা; চোক বা তীক্ষ্ণতা কম হোবা (অস্ত্ৰৰ)
not sharp; blunt
- সোৰোপাsoropāAdjective
এলেহুবা; কামলৈ আওহেলা কৰা; কামৰপৰা পলোবা; . বি. সৰপালি, সোৰোপালি সৰপা গুণ।
lazy ;idle; shirking work
- সোৱাদ-লগাxo`.wad-lo.gaProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- সোৱাদযুক্তProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- সোৱাদহীনxo’.wad.hinProper Adj.
উপযুক্ত সোৱাদ নোহোৱা৷
lacking taste or flavor.
- সৌজন্যপূৰ্ণxou.jo.nyo.pur.noProper Adj.
গভীৰ মাহাত্ম্য বা গৰিমা প্ৰকাশী
having or displaying great dignity or nobility
- সৌজন্যমূলকxou.jo.nyo.mu.lokProper Adj.
সৌজন্যতাৰ খাতিৰত অথবা বিধি অনুযায়ী কৰা; যেনেঃ সৌজন্যমূলক সাক্ষাৎ
done or performed as a matter of courtesy or protocol; e.g. a courtesy call
- সৌজন্যহীনxou.jo.nyo.hinProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.