কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হয়-হজুৰhoy-ho.jurCommon Noun
তোষামোদ কৰোঁতা
a person who uses flattery
- হয়গ্ৰীবhaẏagrībaNoun
মূৰ বা ডিঙি ঘোঁৰাৰ আকাৰৰ, বিষ্ণুৰ এক অবতাৰ [মধু আৰু কৈটভ অসূৰে চুৰকৈ নিয়া বেদ উদ্ধাৰ কৰিবৰ কাৰণে বিষ্ণুৰ এই মূৰ্ত্তি ধাৰণ কৰে]; যেনে-"হয়গ্ৰীব নামে আৰু ভৈলা অবতাৰ" (কীৰ্ত্তন)
a horse-headed incarnation of Visnu undertaken to recover the Vedas stolen by the demon Madhu and his brother Kaitabha
- হয়গ্ৰীব-মাধবNoun
কামৰূপ জিলাৰ হাজো দেবালয়ভ পূজা কৰা মূৰ্ত্তি
an idol worshipped in a temple at Hājo in Kamrup
- হয়গ্ৰীৱProper Noun
বিষ্ণুৰ এক অৱতাৰ `হয়গ্ৰীৱ`ক (ঘোঁৰাৰ মূৰসহ বিষ্ণু) ই
A different form of Lord Bishnu with horse head
- হয়ঙ্গনিhaẏaṅganiNoun
মাখন, নবনীত; যেনে-"থৈয়াছিলো হয়ঙ্গমি হৰি পুজিবাৰে : এড়াইতে নপাৰি মাই দিলো আনি তাৰে" (ভূমিলোটোবা নাট)।
- হয়ভৰhoy.bhorAbstract Noun
কাৰো কথাত ভৰ দিয়া বা মত দিয়া কাৰ্য্য ৷
maintainance or advocation of a theory, principle or a person.
- হৰharaNoun
যি দুখ গুচায় বা সংহাৰ কৰে অৰ্থাৎ শিব; মহাদেব
the god Śiva
- হৰকতharakataNoun
ক্ষতি; হানি
loss
- হৰক্-তৰক্harak-tarakAdjective
অস্হিৰ; মিছা; সঁজাত নাইকিয়া (কথা)
changeful; false; untrue
- হৰকৰাharakarāNoun
সংবাদ-বাহক; পিয়ন।
- হৰগৌৰী-সংবাদharagaurī-sambādaNoun
শিবই পাৰ্ব্বতীৰ আগত কোবা ধৰ্ম্ম-সম্বন্ধীয় কথাৰ এখন সংস্কৱত পুথি
a book containing conversation between Śiva and Durgā on religious matter
- হৰণharaṇaNoun
বলেৰে বা ছলেৰে নিয়া কাৰ্য্য
theft; robber
- হৰণফলho.ron.pholAbstract Noun
হৰণ কৰি পোৱা ফল
The result of a division problem.
- হৰণলুকিharaṇalukiNoun
লুকাই অদৱশ্য হোবা মায়া; যেনে-"কুমৰ হৰণ হেতু : হৰণলূকিত বাজে : অন্য মায়া নহয় কাচিতো কাৰ্য্যকৰী" (কুমৰহৰণ)।
- হৰতনharatanaNoun
তাচ-পাতৰ এটা নক্সাৰ নাম।
- হৰতালharatālaNoun
ধৰ্ম্মঘট, বিক্ষোভ প্ৰদৰ্শনাৰ্থে দোকান পোহাৰ বন্ধ ৰখা কাৰ্য্য
strike
- হৰদত্তho.ro.dot.toProper Noun
the author of the Padamanjari , a commentary on the Kashikavritti commentary on Panini, and the Mitakshara, a commentary on Gautama's Apastamba Dharmasutra
- হৰধনুhor.dho.nuProper Noun
সদাশিৱৰ ধেনু ।
The bow of God Siva.
- হৰধৰাhor.dho.raVerbal Noun
কণীযুঁজত দুই খেলুৱৈয়ে কণীসলাই যুঁজ কৰোতে জিকাজনে প্ৰতিপক্ষৰ কণীটো সলাই পোৱা৷
the practice of taking the broken egg of the defeated player when both the players first decide to exchange their eggs before playing the game of egg cracking. (See egg cracking)
- হৰপ্পাho.rop.paProper Noun
পুৰণি সভ্যতাৰ চিহ্ণ থকা খনন কাৰ্য্য থকা ঠাই বৰ্তমান পাকিস্থানৰ অন্তৰ্গত৷
Harappa is an archaeological site in Punjab, eastern Pakistan, about 24 km (15 mi) west of Sahiwal. The site takes its name from a modern village located near the former course of the Ravi River. The current village of Harappa is 6 km (3.7 mi) from the ancient site. Although modern Harappa has a railway station left from the period of British Raj, it is today just a small crossroads town of population 15,000.