কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঁচমণিka~s.mo.niProper Noun
ডাঙৰ গছ, জোপোহা আদিত বগোৱা এবিধ লতাজাতীয় উদ্ভিদ৷ ইয়াৰ ৰঙা গুটিবিলাক (ৰটি) মণিৰূপে ব্যৱহাৰ কৰা হয় আৰু ইবিলাক বিহ ৰূপে জনাজাত৷
a slender, perennial climber that twines around trees, shrubs, and hedges. The plant is best known for its seeds, which are used as beads and in percussion instruments, and which are toxic due to the presence of abrin.
- কাঁচলিkām̐caliNoun
কাঁচিয়লি ৰ'দ পৰা ঠাই; বৰকৈ ৰ'দ নপৰা ঠাই
a place not fully exposed to sunshine
- কাঁচলীka~.so.liAbstract Noun
পুৱাৰ ৰ'দ পৰা ঠাই
a place where early sunrays fall
- কাঁচি গাখীৰka~.si ga.khirMaterial Noun
অলপ দৈ মাৰি অলপ টেঙেচীয়া হোৱা গাখীৰ
slightly curdled milk
- কাঁচিজোনka~.si.jo’nAbstract Noun
ধান দোৱা কাচিৰ আকৃতিৰ চন্দ্ৰ ৰূপ৷
Curved sickle shape as of the waxing or waning moon.
- কাঁচুলিkām̐culiNoun
তিৰোতাই পিন্ধা এবিধ চোলা
a bodice worn by woman
- কাঁজিkām̐jiNoun
আধা খুন্দা ধান বা পৰলীয়া চাউল আধা সিজা কৰি তাত পানী দি কিছুদিন ৰাখি উলিওবা পোতনি [ইয়াৰ অলপ টেঙা আৰু বৰ চেঁচা গুণ আছে)
sour rice gruel
- কাঁজিবিড়ালীkām̐jibiṛālīNoun
অলপ কজলা বৰণৰ আৰু গাত মেকুৰীৰ নিচিনা পথালি দাগ থকা এবিধ বিষহীন সাপ
a small harmless snake
- কাঁজিবিৰলীkām̐jibiralīNoun
অলপ কজলা বৰণৰ আৰু গাত মেকুৰীৰ নিচিনা পথালি দাগ থকা এবিধ বিষহীন সাপ
a small harmless snake
- কাঁজিলাkām̐jilāNoun
শুকান বেত বা বাঁহৰ কামী এচলাৰ মূৰত জুই লগাই সেই মূৰ এচলা লোৰ ওপৰত লগাই ধৰি থাকিলে ওলোবা এবিধ ক'লা বৰণৰ এঠা [তাক পানীয়ো খোবা বা আন ঘা আদিত লগায়; তাৰে মানুহৰ দাঁতো বোলায়।]; কাঁই
a black substance produced by putting the burning end of a lighted bamboo or cane strip on iron
- কাঁটলkām̐ṭalaNoun
তৰ্জ্জূৰ সোঁ মাজৰ কাঁইট; কাঁটা
the index of a pair of scales
- কাঁটাkām̐ṭāNoun
আগত তিনিডাল দীঘল কাঁইট থকা এবিধ খানা খোবা সঁজুলি
a fork
- কাঁটা তাঁৰka~.ta ta~rAbstract Noun
Wire with interwoven sharp spikes, used in fences and barriers
- কাঁটা-কোৰkām̐ṭā-koraNoun
তিনি চাৰি ডাল দীঘল কাঁইট থকা অৰ্থাৎ জবকা- দঁৰীয়া কোৰ
a fork-hoe
- কাঁটা-খুতৰাkām̐ṭā-khutarāNoun
হাতী-খুতৰা।
- কাঁটা-চামুচka~.ta-sa.musMaterial Noun
খাদ্য খাবলৈ ব্যৱহাৰ কৰা আগত দুডাল বা ততোধিক খৰিকা থকা এবিধ চামুচ-সদৃশ আহিলা।
An instrument having two or more prongs or tines, for holding, lifting, etc., as an implement for handling food.
- কাঁটিka~.tiMaterial Noun
কেতিয়াবা লোৰ মূৰীয়া লগোৱা ক্ষীণ, দীঘল লাঠি।
sharp pointed stick often tipped with iron.
- কাঁতৰিkām̐tariNoun
কুঁহিয়াৰ শালৰ মূৰত লগাই দিয়া, ভীমজোৰ ঘুৰোবা দীঘল এডাল কাঠ
a long piece of wood fixed on the top of the main roller of an Assamese sugar-cane press by means of which the rollers are worked
- কাঁথিkām̐thiNoun
ঘৰৰ চালৰ তল দাঁতিত আৰু বেৰৰ বাহিৰে বঢ়াই ৰখা ঠাই; আগচালি; আওলা
a penthouse; eaves of a house; a veranda
- কাঁবৰkām̐baraNoun
কাউৰ; কামভাব; ; বিণ. কাঁবৰা, কাঁউৰা আঁকোৰগোজ; কামাতুৰ
strong desire for sexual intercourse ; whimsical; passionate