কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰ-যোগ্যkara-yogyaAdjective
কৰ লগোবাৰ উপযুক্ত
taxable
- কৰগতkaragataAdjective
হস্তগত; আয়ত্ত
acquired
- কৰগুটীয়াkaraguṭīẏāAdjective
কল-গুটিৰ নিচিনা অলপ টান; ভালকৈ নুশুকোবা; অলপ ৰ'দ পোবা (সিজোবা ধান)
not properly dried (said of boiled paddy)
- কৰঙ্গনীয়াko.rongo.ni.yaProper Adj.
কৰঙ্গনলৈকে তল যোৱা দ ৷
covered with any materials like water, rubbish etc. upto thigh or as high as the thigh of a man.
- কৰণীkaraṇīAdjective
উচ্চ দৰৰ; নিয়মিত; ডাঙৰ; যেনে -"বোলে সি কৰণীয়া উদাসীন" (কথা-গুৰু-চৰিত); "কোন যে সাধ্বী কৰণী" (মা. ক. সুন্দৰাকাণ্ড)।
- কৰণীয়াkaraṇīẏāAdjective
উচ্চ দৰৰ; নিয়মিত; ডাঙৰ; যেনে -"বোলে সি কৰণীয়া উদাসীন" (কথা-গুৰু-চৰিত); "কোন যে সাধ্বী কৰণী" (মা. ক. সুন্দৰাকাণ্ড)।
- কৰতলীয়াkaratalīẏāAdjective
আন এক ৰজাৰ অধীন বা আন এজন ৰজাক কৰ দিয়া
tributary
- কৰথkarathaAdjective
আসথ কৰ দিয়া।
- কৰমকাৰীkaramakārīAdjective
যজ্মানী; কৰম বা শৰাধ আদি কৰি ফুৰা।
- কৰযোৰেkor.jo`.reVerbal Adj.
(an action) carried out with grace, warmth and respect
- কৰলীয়াkaralīẏāAdjective
নীৰস আৰু লিকটা; আধা টান আধা কোমল
not very soft and juicy
- কৰাkarāTransitive verb
আনৰ হতুবাই সম্পাদন কৰা
to cause to be done
- কৰাই-মেৰীয়াkarāi-merīẏāAdjective
পাক খৰ হোবাৰ কাৰণে টান আৰু বেগাই মেলিব নোবৰা হৈ মেৰ খাই গাঁঠি লগা (সূতা, জৰী আদি); যেনে-"বঢ়ীয়া বা বগছত কৰাইমেৰীয়া পাক লাগিল।"
- কৰাইচkarāicaAdjective
লোকক বস্ত্ত দিয়া বা ধন ভঙা সম্পৰ্কত বৰ টান; অতি কৱপণ; কট্কিনা; চিকটা
very miserly; close-fisted
- কৰাতৰ-কাজীkarātara-kājīAdjective
কোনো গুণ বা কাৰ্য্যত পাৰ্গত
skilled
- কৰালkarālaAdjective
বিকট; ভয়ানক; ভয়ঙ্কৰ; দেখিলে ভয় লগা
awful or terrible in form
- কৰায়ত্তko.ra.yot.toVerbal Adj.
যাক ধৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে।
Person who has been taken captive or arrested.
- কৰিয়াkariẏāAdjective
আধা-পোৰা; নীৰস হৈ টান মৰা; যেনে-"কৰিয়া মলা ধপাত"
half burnt; dry; hard
- কৰীয়াkarīẏāAdjective
পৰিশ্ৰমী; দুখকাৰী; যেনে-"সি বৰ কৰীয়া মানুহ"
active; industrious
- কৰুণkaruṇaAdjective
শোক বা দুখপূৰ্ণ; কাতৰ।