কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুচুলাphuculāTransitive verb
মনে মনে কথা কৈ মন ভুলা
to seduce; to persuade
- ফুচুৰি কৰ্phu.su.ri kowVerb-Intran.
মানুহক হহুঁৱাবলৈ খুহুঁতীয়া কথা ক
To say something funny to make people laugh
- ফুটনি মাৰ্phu.to.ni marVerb-Intran.
নিজৰ বিষয়ে অহঙ্কাৰ কৰি বঢ়াই বঢ়াই ক
to speak with exaggeration and excessive pride, especially about oneself
- ফুটাNoun
বিন্ধা
a puncture; a hole
- ফুটাphuṭāTransitive verb
বিন্ধা কৰ্; ফুটা কৰ্
to pierce; to perforate
- ফুটাই দেphu.tai.deVerb-Trans.
আৱৰণ বা ৰোধ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যা
to pass into or through, often by overcoming resistance,
- ফুটাফুটেAdverb
একো একো ফুটা নভঙাকৈ; সক. ধা. ফুটিয়া ফুটবিলাক বেলেগ কৰ্; ফল ফালি ফুটাবিলাক উলিয়া
to separate the carpels of a fruit
- ফুটি-ফাটিphuṭi-phāṭiAdverb
বহলকৈ প্ৰচাৰ হৈ (যা)।
- ফুটিফাটি যাphu.ti.pha.ti jaVerb-Intran.
To come open or fly apart suddenly or violently, especially from internal pressure
- ফুটুবাphuṭubāTransitive verb
'ফুটা' চোবাঁ।
- ফুট্phuṭIntransitive verb
বিন্ধা ওলা; বিন্ধাযুক্ত হ
to have a hole
- ফুবাphubāTransitive verb
ফু মাৰ্; মুখেদি বেগেৰে বতাহ উলিয়া
to blow with the mouth
- ফুলphulaNoun
কুসুম; পুষ্প
a flower
- ফুল বাছ্phul basVerb-Trans.
কাপোৰত ফুল তোলা- কাপোৰত ফুলৰ চানেকীৰ ওপৰত সুতাৰে চিলাই কৰা৷
to weave flowers or such designs on clothes with needle-work.
- ফুলন্তphu.lon.toVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- ফুলাphulāTransitive verb
প্ৰস্ফুটিত কৰ্; ফুল্ ধৰা
to cause to flower
- ফুল্লphul.loVerbal Adj.
ফুলি থকা বা ফুল মেলা
in bloom or flowering
- ফুৰণphu.ronVerbal Noun
এঠাইৰ পৰা আন ঠাইলৈ যোৱা কাৰ্য্য|
A trip with visits to various places of interest for business, pleasure, or instruction
- ফুৰাphurāTransitive verb
আনক ভ্ৰমণ কৰা
to cause to walk
- ফুৰাফুৰিVerbal Noun
এক চমু যাত্ৰা, বিশেষকৈ আনন্দৰ বাবে লোৱা যাত্ৰা৷
a short journey, especially one taken for pleasure.