কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থুপৰাthu.po.raCommon Noun
বিয়া কৰাবলৈ ছোৱালী নোপোৱাৰ বাবে বহুদিনলৈ অবিবাহিত হৈ থকা ডেকা ল’ৰা
a young man remaining unmarried, not being capable of securing a girl
- থুপৰীthu.po.riCommon Noun
বিয়া নোহোৱাকৈ ঘৰত থকা বয়সীয়া ছোৱালী
a woman still unmarried beyond the usual age of marrying
- থুবিthubiNoun
মেৰ খাই থকা কোমল পাত; মুকলি নোহোবা পাত
a budding leaf
- থুমthumaNoun
কাঠ বা ইটাৰে কৰা বৰ ডাঙৰ খুঁটা
a pillar
- থুলকনিthulakaniNoun
নঙলা; পদুলিৰ দুবাৰ মৰা ডাং
the bar of a gateway
- থুলমুলthul.mulAbstract Noun
কোনো লেখনি বা বক্তৃতাৰ মূল আৰু সাৰগৰ্ভ অংশখিনি চমুৱাই লিখা বা কোৱা
A short piece of writing containing the main ideas from a longer document
- থুৎকুৰিthut.ku.riAbstract Noun
The act of forcibly ejecting saliva or other substances from the mouth
- থুৰিthu.riMaterial Noun
মেৰ খাই থকা কোমল পাত, অৰ্থাত্ মুকলি নোহোৱা পাত।
a budding leaf.
- থুৰি-পল দNoun
পানীত ভৰিৰে বোবা এবিধ দীঘলীয়া পল।
- থুৰিয়া তামোলthu.ri.ya ta.mo’lMaterial Noun
ভকতক দিবৰ কাৰণে ভিতৰত তামোল সুমুৱাই পাণেৰে মেৰিওৱা তামোল-পাণ ৷
betel-nut wrapped in beter-leaves offered to 'bhokot' or Vaishanvite devotees.
- থুৰিয়া-তামোলNoun
পাণৰ থুৰিত ভৰাই খাবলৈ যুগুত কৰা কটা তামোল।
- থুৰীয়াthurīẏāNoun
তিৰোতাৰ কাণত পিন্ধা গোটা, দীঘলীয়া অলঙ্কাৰ
a kind of ear ornament
- থুৰুহিthuruhiNoun
অতি অলপ কাল; মুহূৰ্ত্ত
a moment
- থূনুপাকthūnupākaNoun
চোঁচনী-জৰী টানি মেলিব আৰু বন্ধ কৰিব পৰা সৰু মোনা
a purse
- থূপthūpaNoun
একেলগে হোবা বহুত বস্ত্ত; দ'ম; সমূহ
a collection; a multitude; a heap
- থূপাthūpāNoun
জুই লগাই মহ খেদাবলৈ জলোবা যাগ
a heap of straw, etc., for fuming or causing a smouldering fire to keep off mosquitoes
- থূলthūlaNoun
সমূহ; সমাজ; সভা; বিশেষ কৰ্ম্ম-কাৰ্য্যৰ বাবে গোট খোবা সমাজ
a congregation; an assemblage of persons, especially for a religious purpose
- থেকেচ-নেকেচNoun
অসন্তোষ বা খং প্ৰকাশ কৰি অ'ত ত'ত বস্ত্ত বলেৰে পেলোবা
dashing down things as an expression of displeasure or anger
- থেকেচনিNoun
বলেৰে পেলাই দিয়া কাৰ্য্য
act of dashing or throwing down violently
- থেকেচাNoun
বলেৰে মাটিত বা কোনো বস্ত্তৰ ওপৰত পেলোবা; আফলা
dashing; a violent throwing