কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একবিবাহe.ko.bi.bahAbstract Noun
এক বিবাহ প্রথা য’ত কোনো ব্যক্তিৰ একেসময়তে কেৱল এজনহে পতি বা এগৰাকীহে পত্নী থাকিব পাৰে।কোনো এজনৰ মৃত্যু হলে বা তেওঁলোকৰ বিবাহ বিচ্ছেদ হলেহে দ্বিতীয় বিবাহ বৈধ হয়।
a system of marriage that allows a person to have only one husband or wife at a time (i.e. the person under this system cannot have a second wife or husband when the first is alive and they are not divorced)
- একবীজপত্ৰীCommon Noun
মাত্ৰ এটা বীজপত্ৰ থকা গুপ্তজীৱী উদ্ভিদ
a cryptic plant with only one seed leaf
- একমুখী প্ৰৱাহe.ko.mu.khi-pro.bahAbstract Noun
একপ্ৰকাৰৰ বৈদ্যুতিক প্ৰৱাহ য`ত বৈদ্যুতিক আধানবোৰে এটা নিৰ্দিষ্ট দিশত গতি কৰে ৷ প্ৰৱাহৰ মানৰ পৰিৱৰ্তন ঘটে; কিন্তু দিশৰ পৰিৱৰ্তন নঘটে ৷
The type of electric current where the electric charges flow in one direction.
- একযোগীek.jo’.giMaterial Noun
a molecule of low molecular weight capable of reacting with identical or different molecules of low molecular weight to form a polymer
- একলekalaAdjective
অকল; এজন মাথোন; অকলশৰ; যেনে-"তই হেন একল ক্ষত্ৰিয় অৰ্জ্জুনক যুঁজিয়া কৰিবি কিক" (বিৰাটপৰ্ব্ব)।
- একলব্যekalabyaNoun
আগৰ কালৰ অন্ত্য জাতিৰ এজন মহা গুৰুভক্ত ধনুৰ্দ্ধৰ [হিন জাতি বুলি প্ৰথমতে দ্ৰোণাচাৰ্য্যই তেওঁক শিষ্যৰূপে নৰখাত তেওঁ উলটি গৈ কাঠৰ দ্ৰোণ-মূৰ্ত্তি এটা সাজি তাকে গুৰু মানি আপোনা-আপুনি এই মূৰ্ত্তিৰ আগত অস্ত্ৰশিক্ষা অভ্যাস কৰে; কিছু দিনৰ পাছত দ্ৰোণে একলব্যক লগ পাই প্ৰমাণ পালে যে তেওঁ অস্ত্ৰ-বিদ্যাত দ্ৰোণৰ নিজ শিষ্য অৰ্জ্জনুতকৈও বেছি পাৰ্গত হ'ল। এই কথা সহিব নোবাৰি দ্ৰোণে একলব্যৰ কমাবৰ নিমিত্তে গুৰুদক্ষিণা-স্বৰূপে তেওঁৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি গুৰুক দান দিলে। দ্ৰোণে এনেকৈ একলব্যৰ শক্তি হ্ৰাস কৰি অৰ্জ্জুন আদি শিষ্য-সকলক আশ্বাস দিছিল]।
- একশিৰাekaśirāNoun
মতা মানুহৰ শিৰাৰ বেমাৰ; ইয়াট এটা অণ্ডকোষ আৰু তাৰ লগৰ শিৰা উখহি বেদনা হয়; একোঁহীয়া
orchitis
- একশৃংগe.ko.sring.goCommon Noun
আফ্ৰিকা আৰু এছিয়াত বাস কৰা ৰাইন’চেৰ’টিডি পৰিয়ালৰ অন্তৰ্গত এটা বা দুটা খড়্গ থকা স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷ এখৰ্গীয়া গঁড় কেৱল অসমতহে পোৱা যায়।
any of several large, thick-skinned, perissodactyl mammals of the family Rhinocerotidae, of Africa and India, having one or two upright horns on the snout: all rhinoceroses are endangered. One horned Rhino is endemic to Assam.
- একশেষ দ্বন্দ্বekaśeṣa, dbandbaNoun
এবিধ দ্বন্দ্ব সমাস [ইয়াত কেইবাটাও পদৰ এটা মাথোন বাকী থাকে আৰু সেইটো বহুবচনান্ত হয়; যেনে-"ৰাম, শ্যাম, হৰি, গোপাল"ৰ এই সমাস হৈ "ৰামহঁত" থাকে।
- একশৰণekaśaraṇaNoun
কেবল এজন দেবতা বা ঈশ্বৰত শৰণ পোবা; যেনে -"দেবৰো দেবতা হৰি; জানিও যতন কৰিঃ লৈয়ো একশৰণ কৱষ্ণত" (দশম)
the acceptance of only one deity for worship
- একষষ্ঠিতমek.xos.thi.tomProper Noun
ষাঠিতকৈ এক বেছি৷
one more than sixty; the symbol denoting 61. (৬১ in Assamese)
- একসংকৰCommon Noun
এযোৰ নিৰ্দিষ্ট জিনৰ ক্ষেত্ৰত বৈসাদৃশ্য থকা দুই প্ৰাণী বা উদ্ভিদৰ মিলনৰ ফলত জন্ম হোৱা সন্তান
the offspring of individuals that differ with respect to a particular gene pair
- একসপ্ততিতমek.xop.to.ti.tomProper Noun
সত্তৰতকৈ এক বেছি৷
one more than seventy; the symbol denoting 71. (৭১ in Assamese)
- একাঁচলekām̐calaNoun
এক আঁচল; কাপোৰৰ এটা আগ; কাপোৰৰ এমূৰ
one end of a cloth
- একাংগe.kang.goMaterial Noun
মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ
The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws.
- একাংগীe.kang.giProper Noun
দেহৰ কোনো এক অংশ লৰ-চৰ কৰিব নোৱাৰা হোৱা এক বিশেষ ব্যাধি | সাধাৰণতে স্নায়ু বিকল হৈ যোৱাৰ ফলত এনেকুৱা হয় |
A loss or impairment of voluntary movement in a body part, caused by injury or disease of the nerves, brain, or spinal cord.
- একাংশekāṃśaNoun
ভোগ; একখণ্ড; এডোখৰ
one share or part
- একাকিত্বe.ka.kit.toAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- একাকীত্বAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- একাকীত্ববোধAbstract Noun
অকশৰীয়া ভাৱ
the feeling of loneliness