কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উজুটি খাu.ju.ti khaVerb-Intran.
গতি কৰি থাকোঁতে হঠাৎ কোনো প্ৰতিবন্ধকত খুন্দা খাই বাগৰি পৰ্
to fall over as a result of encountering an obstacle while being in motion
- উজুবাujubāTransitive verb
উজাই দি; আগ বঢ়াই, মূৰৰ ফালে চলিবলৈ, পূবলৈ যাবলৈ বা সোঁতৰ বিৰুদ্ধে যাবলৈ বাধ্য কৰ্
to cause to go upstream; to advance or to move in the direction of the head
- উজ্জীৱিতuj.ji.bi.toVerbal Adj.
জীৱনী শক্তিৰে সজীৱ কৰি তোলা
endowed with life or vigour
- উজ্জীৱিত কৰ্uj.ji.bi.to korVerb-Trans.
জীৱনী শক্তি বা সঞ্জীৱনীৰে সজীৱ আৰু শক্তিশালী কৰি তোল্; মনৰ সজীৱতা জগাই তোল্।
to energize with vitality; to fill with life(force).
- উজ্জ্বল কৰ্uj.jol korVerb-Intran.
light up a place or some object
- উজ্নাujnāTransitive verb
তাঁত বাঁতি কৰোঁতে আঙুলিৰে উজাই নি খুঁটিত সূতা ভৰাই দি।
- উজৰ্ujarIntransitive verb
অস্হিৰ হ; জিকাৰ খা; উজাৰ খা; হঠাতে ভয় পাই গা জোঁকাৰ্; চঁক-খাই গা-মূৰ জোঁকাৰি বা ছৰ্ম্মুৰ কৰি উঠ্ (প্ৰায় জাক পাতি থকা জন্ত্ত); যেনে-"মোবাহ উজৰিছে"
to stir; to be disturbed or roused
- উট্uṭIntransitive verb
পানীৰ ওপৰত যা; পানীত ওপঙি যা
to drift or float
- উঠuthVerb-Intran.
তলৰ অৱস্থানৰ পৰা ওপৰৰ অৱস্থানলৈ উন্নত হ ৷
Raise from a lower to a higher position.
- উঠঙাuṭhaṅāAdjective
অলপ ওখ; অলপ দাং খোবা
slightly prominent or protruding
- উঠঙ্গাuṭhaṅgāAdjective
অলপ ওখ; অলপ দাং খোবা
slightly prominent or protruding
- উঠাuṭhāTransitive verb
ওপৰলৈ দাং; তোল্; দূৰ কৰ্; নিৰ্ম্মূল কৰ্
to raise; bring up; remove; root out
- উঠাই দেu.thai deVerb-Trans.
To revoke, discontinue or invaidate something
- উঠোৱাu.tho`.waVerbal Noun
কম্পিউটাৰ পৰা কোনো বস্তু, ফাইল, তথ্য ইন্টাৰনেটৰলৈ নিয়া কাৰ্য্য
the action or process of uploading data
- উঠ্uṭhIntransitive verb
থিয় হ; গা তোল্; গা দাং
to stand up
- উতফুলেutaphuleAdverb
উলাহেৰে; আগ্ৰেহেৰে; যেনে- "ঋষিক ভুঞ্জিবে লাগি জল-জন্ত্ত যুঁজে মহা উতফুলে" (দ্বাদশ)
with joy
- উতলutalaNoun
তাপ পাই অলপ ওফন্দি বুৰবুৰণি কঢ়া অবস্হা (পনীয়া বস্ত্তত)
boiling; ebulition
- উতলাTransitive verb
তাপ দি বা তপত কৰি বুৰবুৰণি কঢ়া
to boil
- উত্কেন্দ্ৰিকut.ken.drikVerbal Adj.
মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত
affected with psychopathy or mental disorder
- উত্খাত কৰ্ut.khat korVerb-Trans.
কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷
to destroy something completely.