কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওপঙনo`.po.ngonVerbal Noun
কোনো জুলীয়া পদাৰ্থৰ উপৰিপৃষ্ঠত ভাঁহি থকা কাৰ্য্য
the act of remaining or resting at the surface of a liquid
- ওপজনo`.po.jonAbstract Noun
জীৱিত অৱস্থা প্ৰাপ্ত হোৱা।
the event of coming to life.
- ওপজা ঠাইo`.po.ja thaiAbstract Noun
নিজে জন্ম গ্ৰহণ কৰা ঠাই ৷
The country where you were born.
- ওপজা মাটিo`.po.ja ma.tiAbstract Noun
নিজে জন্ম গ্ৰহণ কৰা ঠাই ৷
The country where you were born.
- ওপজা সোণৰ মাটিo`.po.ja xo`.nor ma.tiAbstract Noun
নিজে জন্ম গ্ৰহণ কৰা ঠাই ৷
The country where you were born.
- ওপজাদিনo`.po.ja.dinAbstract Noun
যিটো দিনত জন্ম লাভ কৰে
The day on which one is born
- ওপৰoparaNoun
ওখ; যেনে-"ইমান ওপৰত"
height
- ওপৰ পুৰুষCommon Noun
ব্যক্তি, প্ৰাণী বা উদ্ভিদ, যাৰ পৰা আন এক ব্যক্তি, প্ৰাণী বা উদ্ভিদৰ জন্ম বা সৃষ্টি হৈছে।
Person, animal or plant from which another has descended or evolved.
- ওপৰ পৃষ্ঠo’.por pris.thoMaterial Noun
কোনো বস্তুৰ বৰ্হি ভাগ ৷
The outer boundary of an artifact or a material layer constituting or resembling such a boundary
- ওপৰ-এপেস্বৰা-সবাহopara-epesbarā-sabāhaNoun
ছোবালী ঠিক বয়সত কন্যাকাল নহ'লে সেইটো অপেস্বৰাসকলৰ কোপৰ গতিকে হোবা ভাবি তেওঁলোকক তুষ্ট কৰিবলৈ বাহিৰ চোতালত সেন্দূৰৰ মৰল পাতি, তিনিবৰণীয়া ফুল, তিনিবৰণীয়া কেঁচা উপহাৰ আৰু তিনি বিধৰ (সধবা, বিধবা, কুমাৰী) গোপিনীয়ে বেলেগ নামগুণেৰে অপেস্বৰাসকলৰ সন্তোষৰ অৰ্থে কৰা এবিধ সবাহ।
- ওপৰ-চকুবাopara-cakubāNoun
গা বগা, পিঠি মুগা, মূৰ-জোঙা, গোটাসজীয়া এবেগেতমান দীঘল এবিধ নৈত থকা মাছ [ইয়াৰ চকু ডাঙৰ আৰু ওপৰমুবা, কমাই যাওঁতে পানীৰ ওপৰত ওলাই যায়]
a kind of fish; Mugil corsula
- ওপৰ-চৰিয়াopara-cariẏāAdjective
নিৰ্দ্দিষ্ট পৰিমাণৰ বাজে পোবা; ওপৰঞ্চি, (লাভ, আয় আদি)
gained over and above the fixed amount
- ওপৰ-পুৰুষopara-puruṣaNoun
পূৰ্ব্বপুৰুষ
ancestor
- ওপৰ-বাৰজনীয়াopara-bārajanīẏāNoun
মাধবদেবৰ মতে চলা বাৰজন ধৰ্ম্মাচাৰ্য্যই থাপনা কৰা সত্ত্ৰবিলাক [যেনে-বৰপেটা (মথুৰাদাস), কুৰুবাবাহী (বংশীগোপাল), ভবানীপুৰ (গোপালদেব), ইত্যাদি]।
- ওপৰঞ্চিoparañci
অতিৰিক্ত; উপৰীয়া; নিৰূপিত বা প্ৰয়োজনীয় পৰিমাণতকৈ অধিক
extra; supplementary
- ওপৰঞ্চি সা-সুবিধাo.po.ron.si xa-.xu.bi.dhaAbstract Noun
নিয়মিত দৰমহাৰ বাহিৰেও লাভ কৰা সা-সুবিধা বা উপাৰ্জন
A privilege or earning in addition to normal salary
- ওপৰণিoparaṇiNoun
ওপৰ বা বাহিৰত থকা অংশ
the portion on the top or surface of anything
- ওপৰবালাoparabālāNoun
ওপৰ বা ওপৰঞ্চি কৰ্ম্মচাৰী
a superior
- ওপৰা-উপৰিoparā-upariNoun
এটাই কৰি থকা কাৰ্য্যকে আনটোবে কৰিবলৈ যোবা অবস্হা; ইটোৰ ওপৰৰ সিটো উঠা অবস্হা; হুৰাহুৰি; অঁৰিয়া-অঁৰি; গোলমাল; তল-ওপৰ
the state of falling one upon another; confusion
- ওপৰোক্তu.po.ruk.toPronoun
আগতে উল্লেখ কৰা৷
something mentioned earlier in a text