কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুটাঘাতী কাম কৰku.ta.gha.ti kam korVerb-Trans.
কাৰোবাৰ আগত প্ৰতিবাদ কৰিবলৈ বা শতৰুক বাধা দিবলৈ বা তেওঁলোকৰ লোকচান কৰিবলৈ জানি বুজি বাট পথ, দলং, যাতায়ত ব্যৱস্থা, চিকিৎসালয় আদি ধ্বংস কৰা৷
to deliberately damage, destroy or spoil roads,machines, transport, hospitals etc. to prevent an enemy or to protest about something
- কুটাঘাতী কাৰ্য কৰku.ta.gha.ti kar.jo korVerb-Trans.
কাৰোবাৰ আগত প্ৰতিবাদ কৰিবলৈ বা শতৰুক বাধা দিবলৈ বা তেওঁলোকৰ লোকচান কৰিবলৈ জানি বুজি বাট পথ, দলং, যাতায়ত ব্যৱস্থা, চিকিৎসালয় আদি ধ্বংস কৰা৷
to deliberately damage, destroy or spoil roads,machines, transport, hospitals etc. to prevent an enemy or to protest about something
- কুটুহাইAdverb
ওঁহ কৰি; কুটুহ কৰি; মুখৰ ভিতৰতে অসম্মতি বা খং প্ৰকাশ কৰি
uttering a gruff sound to indicate unwillingness or displeasure
- কুটুৰি থাক্ku.tu.ri thakVerb-Trans.
কোনো কাম কৰাৰ বাবে বাৰে-বাৰে কৈ থাক্
repeatedly ask to do something
- কুটুৰ্kuṭurIntransitive verb
ছুই-লাৰি থাক্; জোকাৰ্; যেনে-"আনোসব লোকে তাক দেখিলে ডৰাই। পাছত খেদিয়া কুটুৰিয়া পাইলা লাই" (শঙ্কৰদেব)
to handle; to shake
- কুট্kuṭTransitive verb
সৰুকৈ কাট্
to cut into small pieces; to chop
- কুট্টিতVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- কুঠাৰাঘাত কৰ্ku.tha.ra.ghat korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- কুণ্ঠাবোধ কৰ্kun.tha.bo`dh korVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- কুণ্ঠাহীনkun.tha.hinVerbal Noun
কোনো সঙ্কোচ নোহোৱা অৱস্থা৷
the state of not having any hesitation.
- কুণ্ঠিত হkun.thi.to hoVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- কুতুৰাku.tu.raVerbal Noun
বাৰে বাৰে কাতৰভাৱে খোজা কাৰ্য্য
repeated demand in a piteous tone
- কুতুৰি থাক্ku.tu.ri thakVerb-Trans.
to persistently keep requesting and become source of annoyance or distraction
- কুতূহলীAdjective; Adverb
কুতূহলে।
- কুত্তিkuttiAdverb
কোনফালে
where; which side
- কুত্ৰkutraAdverb
ক'ত; কোন ঠাইত
where
- কুত্সাkut.saVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- কুনকুনাIntransitive verb
কুন্কুন্ শব্দ কৰ্; গুণগুণা
- কুন্দkundaNoun
কাঠ, ধাতু আদিৰ বস্ত্ত ঘূৰাই ঘূৰাই কাটি গঢ় লগোবা যন্ত্ৰ
a turner's lathe
- কুন্দাkundāTransitive verb
মূৰ সমান কৰি কাট্
to round off the end