কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চেকুৰse.kurVerb-Intran.
দীঘল বেঙা মেলি দৌৰা৷
to run, move with easy, long steps.
- চেকুৰ মাৰse.kur marVerb-Intran.
দীঘল বেঙা মেলি দৌৰা৷
to run, move with easy, long steps.
- চেক্চেকাIntransitive verb
কেঁচা ঘাত টেঙা, লোণ আদি লাগিলে হোবাৰ নিচিনা বেদনা কৰ্
to feel a sharp pain like one caused by salt, acid, etc., coming in contact with a fresh wound
- চেতনা আহ্se.to.na ahVerb-Intran.
(কোনো কথা সম্পৰ্কে) চেতনা ওপজ্ বা সচেতন হ
to become conscious about (something)
- চেতাcetāTransitive verb
লম্ভ্; পিশাচে পা; যেনে-"তাক পিশাচে চেতাইছে"
to be possessed with a spirit
- চেনেহুবাকৈAdverb
gratis or for love
- চেনেহুৱাse.ne.hu.waProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- চেনেহুৱাকৈse.ne.huwa.koiAdverb
কোনো মূল্য নিদিয়াকৈ।
given or served without any cost or frees.
- চেন্cenIntransitive verb
জলম কাট্।
- চেপ্cepTransitive verb
টান বস্ত্তৰ মাজত সুমাই চেপা বা হেঁচা মাৰ্
to squeeze or press
- চেবাcebāIntransitive verb
ভয়ত গা চমকি উঠ্; . (সাধাৰণতে গা চেবা-এনেকৈ কয়।)।
to start or feel uneasy suddenly
- চেলচেলাsel.se.laVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- চেলবেলাsel.be.laVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.
- চেলু বিচাৰ্Verb-Intran.
Example:बे मानसिया आंजों नांलायनो सुथा लादों৷ এই মানুহজনে মোৰ লগত কাজিয়া লাগিবলৈ চেলু বিছাৰি আছে৷
To give a false reason to get rid of something
- চেলেকাcelekāNoun
জিভাৰে চেলেকি খোবা কাৰ্য্য
the act of licking
- চেলেকা-চেলেকিse.le.ka-se.le.kiVerbal Noun
এজনে আনজনক চেলেকা কাৰ্য ৷
the act of licking one another.
- চেলেক্celekTransitive verb
জিভাত লগাই বা জিভা চোঁচৰাই ভক্ষণ কৰ্; জিভাৰে সোবাদ ল
to lick
- চেল্চেলাcelcelāIntransitive verb
ত অসাৰ বা মিছা-মিছি কথা অধিককৈ ক; ভাল-বেয়া নিবিচাৰি মুখত যি আহে তাকে ক
to babble; to talk without regard to propriety
- চেল্বেলাcelbelāIntransitive verb
ত অসাৰ বা মিছা-মিছি কথা অধিককৈ ক; ভাল-বেয়া নিবিচাৰি মুখত যি আহে তাকে ক
to babble; to talk without regard to propriety
- চেষ্টা কৰ্ses.ta korVerb-Trans.
কিবা অৰ্জন কৰা বা পোৱাৰ বাবে কোনো কাম কৰা
to do sth to obtain or achieve sth.