কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মুজ্mujTransitive verb
মুদ্; যেনে-"আছিলন্ত কতক্ষণ চক্ষুক মুজিয়া" (শঙ্কৰ-চৰিত)।
- মুঠতেmuṭhateAdverb
বাহুল্য নকৰাকৈ; সংক্ষেপে; ঠোৰতে; ভাঙিপাতি নোকোবাকৈ
briefly; without giving details
- মুঠিয়াmuṭhiẏāTransitive verb
আঁটি আঁটিকৈ বা কোছা-কোছকৈ বান্ধ্
to make bundle of
- মুঠেmuṭheAdverb
সমষ্টিত; মুঠত; গোটেই; সকলোবে মিলি; সমূলি
in total; in all; altogether; entirely
- মুঠেইmuṭheiAdverb
সমষ্টিত; মুঠত; গোটেই; সকলোবে মিলি; সমূলি
in total; in all; altogether; entirely
- মুণ্ডন কৰ্mun.don korVerb-Intran.
মূৰৰ চুলি সম্পূৰ্ণৰূপে চুঁচি আঁতৰাই পেলা
to shave or remove hairs of the head
- মুণ্ডপাত কৰ্mun.do.pat korVerb-Trans.
(কোনো) ব্যক্তিৰ মূৰটো দেহৰ পৰা বিচ্ছিন্ন কৰ্।
Cut the head off (a person), esp. as execution.
- মুণ্ডাmuṇḍāTransitive verb
খুৰাই পেলা; যেনে-"জটাকো মুণ্ডাওঁ তেবে কৰিয়ো আদেশ" (কীৰ্ত্তন)।
- মুদ সলাmud xo.laVerb-Intran.
to change the skin ( used esp. in case of snake)
- মুদনmu.donVerbal Noun
(চকু) বন্ধ কৰা কাৰ্য্য
closure or the act of closing (of eyes)
- মুদাTransitive verb
আনৰ (চকু) জাপ নিয়া
to cause to be closed, as the eyes
- মুদা মৰ্mu.da morVerb-Intran.
কোনো বস্তু পাবৰ বা কোনো কাৰ্য্য কৰিবৰ উপায় নষ্ট হ
to lack help or protection, have no way.
- মুদ্mudTransitive verb
জপা; বন্ধ কৰ্
to close, as the eyes
- মুদ্ৰণ কৰ্mud.ron korVerb-Trans.
(কিতাপ, ছবি আদি) কাগজ, প্লেট আদিৰ ওপৰত ছপাশালত চিয়াঁহীৰে খোদিত কৰ্
To produce or caused to be produced ( a book, picture, etc.) by applying inked types, blocks, or plates, to paper, etc.
- মুদ্ৰিত কৰ্mudrit korVerb-Trans.
কোনো সমান ঠাইত হেঁচা প্ৰয়োগ কৰি সাঁচ্ বহুৱা
to mark a surface by pressing something
- মুলতুবী ৰাখ্mul.tu.bi rakhVerb-Trans.
সাময়িকভাৱে বন্ধ ৰাখ্ বা পাছলৈ অন্য এটা সময়ত হোৱাকৈ ব্যৱস্থা কৰ্
Temporarily put-off or arrange (an event etc.) to take place at a later time
- মুষ্টিবদ্ধmus.ti.bod.dhoVerbal Adj.
মুঠি মাৰি থকা (হাত)
tightly closed (hand) with fingers doubled into the palm
- মুষ্টিযুদ্ধmus.ti.jud.dhoVerbal Noun
মুষ্টি বা হাতৰ মুঠিৰ সহায়ত যুঁজ কৰা খেল বা বৃত্তি
profession of fighting with the fists
- মুহুৰ্মুহুঃmu.hur.mu.huhAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- মুহূৰ্ততেmu.hur.to.teAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.