কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মিছা কmi.sa koVerb-Trans.
ইচ্ছাকৃতভাৱে প্ৰকৃত ঘটনা বা সত্যৰ বিপৰীত কোৱা
to tell contrary to fact or truth intentionally
- মিছা মাতmi.sa matVerb-Trans.
ইচ্ছাকৃতভাৱে প্ৰকৃত ঘটনা বা সত্যৰ বিপৰীত কোৱা
to tell contrary to fact or truth intentionally
- মিছাতেmi.sa.teAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- মিছামিছিকৈmichāmichikaiAdverb
মিছায়।
- মিছায়Adverb
মিছাকৈ; eng >falsely/eng>.
- মিটমাট কৰ্mit.mat korVerb-Trans.
মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷
to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties.
- মিটমিটাmit.mi.taVerb-Trans.
এৰা ধৰাৰ মাজেদি উভয় পক্ষক সন্তোষ দে আৰু নিষ্পত্তি কৰ্
to settle through negotiation
- মিটাmiṭāTransitive verb
বাদী-বিবাদীক মিলাই দন্দ ভাঙ্
to cause to be compromised or settled amicably
- মিটিকিয়াmiṭikiẏāIntransitive verb
"মিচিকিয়া" চোবাঁ।
- মিট্miṭIntransitive verb
কাজিয়া ভাগ্; বিবাদ গুচ্
to be compromised
- মিঠা কৰ্Verb-Trans.
Add sugar, sugar syrup or similar substance to make (food or drink) sweet
Add sugar, sugar syrup or similar substance to make (food or drink) sweet
- মিতব্যয়ী হmi.to.byo.yi hoVerb-Trans.
নিয়মমতে অলপীয়াকৈ খৰচ কৰ্ ৷
Spend or use sparingly or frugally.
- মিত্ৰতা কৰ্mi.tro.ta korVerb-Intran.
বন্ধুৰ সম্পৰ্ক গঢ়ি তোল্
to form a relation of friendship
- মিথ্যাচাৰmi.thya.sarVerbal Noun
মিছা কথা কোৱা স্বভাৱ বা কাৰ্য্য
the act or nature of telling lie
- মিনতি কৰ্mi.no.ti korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- মিনা লগাni.na lo.gaVerb-Trans.
to fuse a colored glassy compound (opaque or partially opaque) to metal or glass or pottery surface for decoration or protection
- মিলন-স্থানmi.lon-sthanVerbal Noun
দুই বা ততোধিক বস্তু একেলগ হোৱা বা লগা-লগি হোৱা ঠাই
a place or point where two or more things meet, cross or are joined
- মিলাmilāIntransitive verb
অলপ পুষ্ট হ; গা কৰ্
to recover emaciation
- মিলা-মিচা কৰ্mi.la-mi.sa korVerb-Trans.
ভিন ভিন লোকৰ সৈতে মুকলিকৈ ভাবৰ আদান-প্ৰদান কৰ্
to interact freely with different people.
- মিলাই চাmi.lai saVerb-Trans.
বিভিন্ন উৎসৰ সৈতে তুলনা কৰি শুদ্ধতা পৰীক্ষা কৰ্
to determine accuracy by checking different sources