কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খঞ্জkhañjaAdjective
খোৰা
lame
- খট-খটkhot-khotProper Adj.
কাঠ আদিত টুকুৰিয়ালে হোৱা শব্দ৷
Sound that appeared when knocked in wooded door or something like that.
- খণ্ড-পুচ্ছkhaṇḍa-pucchaAdjective
নেজকটা; নেজ নথকা; খঁৰা
tailless; with the tail cut short
- খণ্ড-পুষ্পkhaṇḍa-puṣpaAdjective
বেগাই কাম কৰিব পৰা; খৰতকীয়া; যেনে -"মানুহটো কামত বৰ খণ্ড-পুষ্প"
prompt; expeditious
- খণ্ড-বিখণ্ডkhon.do-bi.khon.doProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- খণ্ড-মুণ্ডkhaṇḍa-muṇḍaAdjective
মূৰ-ছিগা; মূৰ-নাইকিয়া; শিৰহীন
headless
- খণ্ডনমূলকkhon.don.mu.lokProper Adj.
পৰস্পৰ বিৰোধী
differing radically from one another
- খণ্ডমুণ্ডkhon.do.mun.doAdjective Adj.
মূৰ নথকা শৰীৰ
without a head or having the head cut off
- খণ্ডিকৃতVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- খণ্ডিতkhaṇḍitaAdjective
কটা; ছেদিত; ছিঙা; ডুখৰীয়া
severed; cut off; fragmentary
- খতিkhatiAdjective
হানি পৰা; কাম বন্ধ থকা; ক্ষান্ত; চলি নথকা
stopped; closed
- খতীয়াkhatīẏāNoun
কোনো খাতত কাম কৰা লোক
- খদম্-দম্khadam-damAdjective
খৰ-খৰ; লৰা-লৰি; খৰ-খেদা
bustle; hurry
- খন-খনkhana-khanaAdjective
খান-খান।
- খনাkhanāTransitive verb
আনৰ হতুবাই খানিবলৈ দিয়া; আনৰ দ্বাৰায় উৎপাটন কৰা
to cause to be dug
- খনিজkho.nijMaterial Noun
এক নিৰ্দ্দিষ্ট ৰাসায়নিক গঠন আৰু বৈশিষ্ট্যপূৰ্ণ দানাকৃতি, বৰণ আৰু কঠিনতাযুক্ত, প্ৰাকৃতিকভাবে উপলভ্য অজৈৱ গোটা পদাৰ্থ।
A naturally occurring, homogeneous inorganic solid substance having a definite chemical composition and characteristic crystalline structure, color, and hardness.
- খনিজাতkho.ni.ja.toProper Adj.
প্ৰাকৃতিক অৱস্থাত খনিত উপলভ্য বা উৎপন্ন হোৱা, যেনেঃ খনিজ তেল।
naturally occurring in mines.
- খন্তীয়া-খুচুৰীয়াkhantīẏā-khucurīẏāAdjective
অলপীয়া; সৰু-সুৰা; চুৰচুৰীয়া
trifling
- খন্তেকীয়াAdjective
খন্তেক বা অতি অলপ কাল থকা
momentary
- খন্দ-প্ৰবৰ্তাkhanda-prabartāAdjective
এটা খেতিত মাথোন ব্যবহাৰ কৰিব পৰা
lasting for one season or year only