কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাইচিতিsai.si.tiAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- চাওঁতে চাওঁতেcāom̐te, cāom̐teAdverb
দেখোঁতে দেখোঁতে; চকুৰ আগতে; খন্তেকতে; অবিলম্বে
very shortly; instantly
- চাকি চাsa.ki saVerb-Trans.
মুখত আহাৰৰ অলপ অংশ লৈ সোৱাদ কেনে হৈছে লৈ চা৷
to put a small amount of food or drink in mouth to find out the flavour or quality
- চাক্cākTransitive verb
চাকি চা; জিভাৰে সোবাদ ল; জিভাত লগাই সোবাদ বূজ্; চেলেক্
to taste
- চাক্ষুসsak.khuxVerbal Adj.
নিজ চকুৰে দেখা
seen by self
- চাকৰালিsa.ko.ra.liAbstract Noun
বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম
regular activity performed in exchange for payment, especially as trade, occupation, or profession
- চাগেAdverb
may be,to have a chance to occur
- চাগৈcāgaiAdverb
কিজানি; সম্ভবতঃ হয়; হ'বলা (অনুমান কৰি কোবা অৰ্থত, ক্ৰিয়াৰ পাছত ব্যবহাৰ কৰা হয়)
perhaps; possibly
- চাজʼVerb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- চাজাsa.jaVerbal Noun
কোনো অপৰাধ বা দোষৰ বাবে দিয়া শাস্তি
a penalty inflicted for an offense, fault
- চাটcāṭaNoun
চ'তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনা গৰু গা ধুবাবলৈ নিওঁতে তাৰ গাত মাৰিবলৈ লাও, কেৰেলা, বেঙেনা, হালধি আদি সি লোবা দুই-তিনি ফেৰেঙণি থকা বাঁহৰ কামীৰ শলা
a bamboo fork on the prongs of which are pitched slices of turmeric, etc., which are thrown on the cattle at the time of giving them a bath on the last day of the month of Chaitra
- চাটু কৰ্sa.tu korVerb-Trans.
কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you.
- চাট্cāṭTransitive verb
বান্ধ্
to tie
- চাত মাৰ্sat marVerb-Trans.
ভাং, ধঁপাতৰ ধোঁৱা দীঘলীয়াকৈ টান্ বা হোঁপা মাৰ্
To inhale (cigarette, hookah etc) strongly
- চান্cānTransitive verb
ঢাকি ধৰ্; পূৰ্ণ কৰ্; বিয়প্; যেনে-"শৰ বৰষিয়া সব চানিলা আকাশ" (মা. ক., লঙ্কাকাণ্ড)
to fill; to cover up
- চান্দা দেsan.da deVerb-Intran.
কিবা এটা ভাল কামৰ বাবে টকা-পইছা অথবা আন সহায় আগবঢ়া ৷
To give a part to a common stock; to lend assistance or aid, or give something, to a common purpose; to have a share in any act or effect.
- চান্দ্cāndIntransitive verb
গোপনে কোনো কাৰ্য্য কৰিবলৈ চল্ চা; ছেগ চা
to seek an opportunity
- চাপাচী কৰsa.pa.si korVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
- চাপ্cāpIntransitive verb
ওচৰলৈ আহ্
to draw nigh
- চাপৰাcāparāTransitive verb
চাপৰ কৰ্; দোঁবা; ওখৰপৰা তললৈ নমা; . কৱদ
to lower; to cause to be lowered