← ফুৰি যাওক

চাট

cāṭa

অৰ্থ

1.

চ'তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনা গৰু গা ধুবাবলৈ নিওঁতে তাৰ গাত মাৰিবলৈ লাও, কেৰেলা, বেঙেনা, হালধি আদি সি লোবা দুই-তিনি ফেৰেঙণি থকা বাঁহৰ কামীৰ শলা

a bamboo fork on the prongs of which are pitched slices of turmeric, etc., which are thrown on the cattle at the time of giving them a bath on the last day of the month of Chaitra

বি.

2.

আঘাত; এছাৰিৰ কোব; যেনে-"ল'ৰাটোক চাটচেৰেক লগাই দে"

a stroke with a whip

বি.

3.

ঘোলনী মাৰি

বি.

4.

বাঁহৰ নিচান

a pole erected as a mark

বি.

5.

ওচৰ চপাৰ বা স্পৰ্শৰ গম বা বুজ; যেনে-"বনৰীয়া চৰায়ে মানুহৰ চাটকে সময়"

a slight notice of approach or touch of any one

বি.

6.

ঈষত পৰিমাণ; অলপমান; যেনে-"খাৰৰ চাট দিয়া আঞ্জা"

a touch; a little

বি.

7.

চেলেক্; চাক্

taste; lick

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ