← ফুৰি যাওক

চাপ্

cāp

অৰ্থ

1.

ওচৰলৈ আহ্

to draw nigh

অক. ধা.

2.

আপোনাৰ ঘৰ এৰি আনৰ ঘৰত থাক্

to go and live at another's house

অক. ধা.

3.

কোঁচ খা

to be contracted

অক. ধা.

4.

পানীৰ মাজৰপৰা দাঁতিলৈ আহ্; যেনে-"নাওখন চাপিল"

to come near the shore, as a boat

অক. ধা.

5.

আশ্ৰয়ৰ কাৰণে ওচৰৰ ঠাইলৈ যা; যেনে- ওচৰত ঘৰ নাহি কহিত চাপিব (শঙ্কৰ-চৰিত)

to go to a nearby place for shelter

অক. ধা.

6.

ওচৰ হ; ওচৰলৈ যা; দেখা দি; যেনে-"কুটুমৰ ঘৰত চাপি আহিছো।"

to go to someone

অক. ধা.

7.

(পু. অ.) চেপ্; হেঁচ্; যেনে-"গাতকে মুখত চাপি ধৰে" (কীৰ্ত্তন) সক. ধা. চাপ্ (পু. অ.) ওচৰলৈ আন্; চপা; যেনে-"ৰাক্ষস বানৰঃ ভালুক সৈন্যক; চাপি গিলিবাক লৈলা" (মা. ক., লঙ্কাকাণ্ড)

to bring near

অক. ধা.

8.

(পু. অ.) হেঁচ্; যেনে-"সাৰথিয়ে ধনুৰথে চাপিয়া পিসিল" (মা. ক., লঙ্কাকাণ্ড); . (পু. অ.) ঠাই আগুৰি থাক্; জিনি থাক্; যেনে-"সুবেল পৰ্ব্বত হন্তেঃ মহেন্দ্ৰ গিৰিক লাগিঃ থাকিলেক সেনাগণে চাপি" (মা. ক., সুন্দৰাকাণ্ড)।

to press

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাপ্ · অসমীয়া অভিধান