কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওলটা গন্তিAbstract Noun
সংখ্যাবোৰ শূন্যলৈ ওলোটা গণনা কৰি কোনো এটা বিশেষ বা মহত্বপূৰ্ণ ঘটনালৈ অপেক্ষা কৰা৷
counting of numbers backwards to zero before important event.
- ওলটা ৰথolaṭā, rathaNoun
"ৰথ-যাত্ৰা" চোবাঁ; ঘুনুচাৰ ঘৰৰপৰা জগন্নাথে উলটি অহা উৎসব।
- ওলটা-উলটিNoun
এবাৰ তল এবাৰ ওপৰ; ইলুটি-সিলুটি
the act of turning upside down or changing sides
- ওলট্-পালট্olaṭ-pālaṭNoun
তল ওপৰ হোবা বা কৰা কাৰ্য্য
the act of turning upside down
- ওলন্দাজolandājaNoun
হলেণ্ড্ দেশ জাত লোক
Hollandes ; the Dutch
- ওলমোটোকাo`.lo.mo`.to`.kaCommon Noun
দ ঠাইত হোৱা, কাঁইটীয়া, শকত গা-গছৰ কচু৷ পাতৰ মধ্যসিৰা, শাখা সিৰা কাঁইটীয়া, বৃন্ত দীঘল, ত্ৰিভুজাকাৰ,অখন্ড, বা পখীপাদাকৃতি৷
Arum like edible aquatic herb with thorns.
- ওলাolāNoun
বগা বা পৰিষ্কাৰ কৰা চেনিৰ লাড়ু
lump sugar in balls
- ওলোমolomaNoun
কোনো বস্ত্ত ঠিক হৈ অৰ্থাৎ লম্বভাবে থিয় হৈছেনে নাই তাক পৰীক্ষা কৰা যতন [ই এটা লাটুম বা তামোলৰ আকৱতিৰ সীহ বা আন গধুৰ ধাতুৰ গুটি আৰু তাৰ মূৰত এডাল দীঘল জৰী লগোবা থাকে-যাৰ দ্বাৰা গুটিটো ওখৰ পৰা ওলমাই দিব পাৰি]
plumb-bob
- ওল্টা গন্তিAbstract Noun
সংখ্যাবোৰ শূন্যলৈ ওলোটা গণনা কৰি কোনো এটা বিশেষ বা মহত্বপূৰ্ণ ঘটনালৈ অপেক্ষা কৰা৷
counting of numbers backwards to zero before important event.
- ওষধিoṣadhiNoun
এবাৰ ফল বা ফুল ধৰি মৰি যোবা উদ্ভিদ; যেনে- কল, ধান
an annual plant; a plant or herb that dies after producing fruit or flower
- ওষধি গছo`.xo.dhi gosCommon Noun
এবাৰ ফল দি মৰি যোৱা গছ৷ যেনে; কল গছ, ধান গছ ইত্যাদি৷
an annual plant, a plant which dies after the fruit is ripe. Banana, Rice etc.
- ওষ্ঠoṣṭhaNoun
ওঁঠ
the lip
- ওষ্ঠীয়Verbal Noun
ওঁঠ সম্পৰ্কীয় বা ওঁঠৰ দৰে
relating or similar to the lips
- ওষ্ঠৰঞ্জকo`s.tho.ron.jokMaterial Noun
তিৰোতাই ওঁঠত ৰং সানিবৰ কাৰণে ব্যৱহাৰ কৰা ৰঞ্জক কাঠী ৷
a crayonlike oil-based cosmetic used in coloring the lips, usually in a tubular container.
- ওষ্ঠৰঞ্জনীo`s.tho.ron.jo.niMaterial Noun
তিৰোতাই ওঁঠত ৰং সানিবৰ কাৰণে ব্যৱহাৰ কৰা ৰঞ্জক কাঠী ৷
a crayonlike oil-based cosmetic used in coloring the lips, usually in a tubular container.
- ওসাৰosāraNoun
ওহাৰ; যেনে-"ধাবে নিজ বাছুৰক ওসাৰৰ ডৰো হেন ধেনু সবে সুশোভিত নিৰন্তৰে" (দশম)।
- ওস্তাজostājaNoun
ওস্তাদ; ওজা
master musician; master of revels
- ওস্তাদostādaNoun
গান-বাদ্য আদি শিকোবা মানুহ; ওজা
an instructor
- ওস্তাদ বিচমিল্লাহ খানProper Noun
ভাৰতীয় ধ্ৰুপদী সংগীতজ্ঞ৷ চেহনাই বাদক৷ ২০০১চনত ভাৰত ৰত্নৰে সন্মানিত৷
An Indian shehnai maestro. He was the third classical musician to be awarded the Bharat Ratna (in 2001), the highest civilian honour in India and gained worldwide acclaim for playing the shehnai for more than eight decades
- ওস্তাদিNoun
(ফা. উস্তাদী) ওস্তাদৰ কাৰ্য্য।