ওলোম
oloma
অৰ্থ
1.
কোনো বস্ত্ত ঠিক হৈ অৰ্থাৎ লম্বভাবে থিয় হৈছেনে নাই তাক পৰীক্ষা কৰা যতন [ই এটা লাটুম বা তামোলৰ আকৱতিৰ সীহ বা আন গধুৰ ধাতুৰ গুটি আৰু তাৰ মূৰত এডাল দীঘল জৰী লগোবা থাকে-যাৰ দ্বাৰা গুটিটো ওখৰ পৰা ওলমাই দিব পাৰি]
plumb-bob
বি.
2.
একেৰাহে আৰু সমানভাবে দুলি দুলি চলাই বাখিবলৈ লগাই দিয়া এটা যতন [ই এটা গধুৰ ধাতুৰ চেপেটা, ঘূৰণীয়া আৰু ঘড়ীৰ তলফালৰপৰা ওলমি থাকে]
a pendulum
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ